জোনমণি বেগম

বিশ্বনাথ : জিন্স পেন্ট পিন্ধাৰ বাবেই এগৰাকী যুৱতীক দুৰ্ব্যবহাৰ। বিশ্বনাথ চাৰিআলিত জিন্স পেন্ট পিন্ধাৰ বাবেই এগৰাকী শিক্ষিত ইছলাম ধৰ্মীয় যুৱতীক দুৰ্ব্যবহাৰ এজন ইছলাম ধৰ্মী লোকৰ। জিন্স পেন্ট পিন্ধি যোৱাৰ বাবে নুৰুল আমিন নামৰ লোকজনে যুৱতী গৰকীক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়াৰ অভিযোগ।

বিশ্বনাথ নগৰৰ দৈনিক বজাৰৰ সমীপৰ আয়ুব খান নামৰ এজন লোকৰ কন্যাই যোৱা ২৫ তাৰিখে ঘৰৰ কাষতে ভাড়া থকা নুৰুল আমিন নামৰ লোকজনৰ ঘৰত হেডফোন ক্ৰয় কৰিবলৈ গৈছিল। যুৱতী গৰাকীয়ে হেডফোন ক্ৰয় কৰিবলৈ যোৱা মুহুৰ্তত জিন্স পেন্ট পৰিধান কৰাৰ বাবেই নুৰুল আমিন নামৰ লোকজনে যুৱতী গৰাকীক দুৰ্ব্যবহাৰ কৰাৰ লগতে যুৱতী গৰাকীক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে।

নুৰুল আমিন নামৰ লোকজনে যুৱতী গৰাকীক কয় “মোৰ ঘৰৰ সকলো মহিলাই বুৰ্খা পৰিধান কৰে, হিজাব পৰিধান কৰে, তুমি আমাৰ ঘৰত জিন্স পেন্ট পৰিধান কৰি আহিবলৈ সাহস ক’ত পালা?” আনহাতে যুৱতী গৰাকীক এনে দুৰ্ব্যবহাৰ কাৰাৰ সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃ আয়ুব খানে নুৰুল আমিনক প্ৰশ্ন কৰাত নুৰুল আমিনৰ দুই পুত্ৰ ৰফিকুল ইছলাম আৰু ছহিদুল ইছলামে আয়ুব খানক মাৰধৰ কৰে বুলি অভিযোগ উত্থাপন কৰে যুৱতী গৰাকীৰ পৰিয়ালে।

যুৱতী গৰাকীৰ পিতৃ আয়ুব খানক ৰাস্তাত মাৰধৰ কৰাৰ বাবে বিশ্বনাথ সদৰ আৰক্ষী থানত এক এজাহাৰ দাখিল কৰে যুৱতী গৰাকীৰ পৰিয়ালটোৱে। এজাহাৰৰ ভিত্তিত বিশ্বনাথ সদৰ থানাই নুৰুল আমিনৰ দুই পুত্ৰক আটক কৰে। আনফালে নুৰুল আমিন নামৰ লোকজনেও বিশ্বনাথ সদৰ আৰক্ষী থানাত আয়ুব খানৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।