আমিনগাঁও : যান-বাহন কৰ সংগ্ৰহৰ বাবে কামৰূপ জিলা পৰিবহন বিভাগৰ বিশেষ উদ্যোগ। ৩১ মাৰ্চৰ ভিতৰত পৰিশোধ কৰিব লাগিব যান-বাহনৰ বকেয়া কৰ। ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে কামৰূপতো জিলা পৰিবহন বিভাগে যান-বাহনৰ বকেয়া কৰ সংগ্ৰহৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে।

কামৰূপ জিলা পৰিবহন বিভাগৰ ফলৰ পৰা ৩১ মাৰ্চক যান-বাহনৰ বকেয়া কৰ পৰিশোধৰ বাবে অন্তিম দিন ধাৰ্য কৰি জিলাখনৰ বিভিন্ন যান-বাহনৰ গৰাকীসকলৰ মাজত কৰ পৰিশোধ সম্পৰ্কত জন সজাগতা সৃষ্টি কৰিছে। ইয়াৰ বাবে জিলাখনৰ ঠায়ে ঠায়ে প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰিছে পৰিবহন বিভাগে।

উল্লেখযোগ্য যে সময়মতে যান-বাহন কৰ পৰিশোধ নকৰিলে জৰিমনা ভৰিব লাগিব। তদুপৰি বাহনৰ পঞ্জীয়ন পৰ্যন্ত বাতিল হ’ব পাৰে। জিলা পৰিবহন বিষয়া ৰূপজ্যোতি কলিতাই জিলাখনৰ প্ৰতিগৰাকী নাগৰিককে সময়মতে কৰ পৰিশোধ কৰি পৰিবহন ব্যৱস্থা সুচল কৰি ৰাজ্যখনৰ উন্নয়নত বৰঙনি যোগাবলৈ বিনম্ৰ আহ্বান জনাইছে।