হাস্না বেগম

গুৱাহাটী : ২ ফেব্ৰুৱাৰীৰ দিনটো সমগ্ৰ বিশ্বতে পালন কৰা ‘বিশ্ব আৰ্দ্ৰভূমি দিৱস’ হিচাপে। মানৱ জাতিয়ে নিজ স্বাৰ্থ পূৰণ আৰু উন্নয়নৰ নামত কৰা কাৰ্যকলাপৰ ফলত সংকট নামি আহিছে আৰ্দ্ৰভূমি সমূহলৈ। বেদখল আৰু প্ৰদূষণৰ ফলত ইতিমধ্যে বহু আৰ্দ্ৰভূমি মৃত্যুৰ মুখত পৰিছে। বৰ্তমান অস্তিত্ব ৰক্ষাৰ যুঁজ চলাই থকা আৰ্দ্ৰভূমি সমূহৰ সংৰক্ষণৰ উদ্দেশ্যেৰে ২ ফেনৰুৰৰ দিনটো বিশ্ববাসীয়ে ‘বিশ্ব আৰ্দ্ৰভূমি দিৱস’ হিচাপে পালন কৰে।

বিল, হ্ৰদ, পিটনি আদি জলাশয় সমূহ হৈছে আৰ্দ্ৰভূমি। বিভিন্ন জীৱ-জন্তুৰ লগতে মানুহৰ বাবে এই আৰ্দ্ৰভূমি সমূহ অতিকৈ প্ৰয়োজন। পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ভাৰসাম্য বজাই ৰখাত অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই আৰ্দ্ৰভূমি সমূহে। ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ইৰণৰ ৰামচৰ নামৰ ঠাইত আৰ্দ্ৰভূমি সমূহ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণৰ পিছত আৰ্দ্ৰভূমি সমূহৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই সমূহ সংৰক্ষণৰ বাবে ২ ফেব্ৰুৱাৰী, ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল ‘বিশ্ব আৰ্দ্ৰভূমি দিৱস’।

ইতিমধ্যে মানৱ জাতিয়ে বিভিন্ন উন্নয়নৰমূলক কামৰ বাবে বহু আৰ্দ্ৰভূমিক মৃত্যুৰ মুখলৈ ঠেলি দিছে যদিও এতিয়াও সমগ্ৰ বিশ্বতে হাজাৰ হাজাৰ আৰ্দ্ৰভূমি আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষটো আছে বহু আৰ্দ্ৰভূমি। ভাৰতৰ উত্তৰ পূবৰ দুৱাৰ মুখ হিচাপে খ্যাত মহানগৰী গুৱাহাটীৰ হাওঁফাওঁ হৈছে দীপৰ বিল। দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰ। অবৈধ বেদখল আৰু প্ৰদূষণৰ ফলত ৰোগীয়া হৈ পৰিছে মহানগৰী গুৱাহাটীৰ হাওঁফাওঁ দীপৰ বিল।

২০২০ চনত দীপৰ বিলক ৰামচৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। বিভিন্ন প্ৰজাতিৰ চৰাইৰ লগতে শীতৰ সময়ছোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আশ্ৰয় লবলৈ অহা পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী দীপৰ বিলক বাৰ্ড লাইফ ইণ্টাৰনেচনেলে চৰাইৰ বাবে সংৰক্ষিত অতিকৈ গুৰুত্বপূৰ্ণ স্থলী হিচাপে চিহ্নিত কৰিছে। চৰাইৰ স্বৰ্গভূমি দীপৰ বিল এতিয়া কিন্ত মানৱ জাতিৰ বাবে মৃত্যুৰ ক্ষণ গনিছে।

মহানগৰী গুৱাহাটীত দীপৰ বিলৰ লগতে সৰু-বৰ বহু আৰ্দ্ৰভূমি আছিল যদিও ইয়াৰ ভিতৰত শিলসাঁকো আৰু শলা বিল অন্যন্ত। শিলসাঁকো বিলৰ অস্তিত্ব ইতিমধ্যে নিঃশেষ হৈছে, শলা বিলৰ অৱস্থাও সংকটৰ গহাৰত। চৰকাৰে কেৱল ‘বিশ্ব আৰ্দ্ৰভূমি দিৱস’ পালন কৰিয়ে দায়িত্ব সমৰিলে নহ’ব, মহানগৰীৰ হাওঁফাওঁ দীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ কৰণীয় বহুত আছে।