বিভাগীয় বিষয়া অভিযন্তাৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক

In ৰাজ্য
TheChocolateRoomTezpur

গুৱাহাটী : অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দিছপুৰস্থিত জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় বিষয়া তথা অভিযন্তাসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশ লয়। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এচ. আব্বাচী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত মন্ত্ৰী পীযুষ হাজৰীকাই ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাকেইখনৰ অভিযন্তাসকলৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়াৰ বিষদ বুজ লয়।

বিশেষকৈ বৈঠকত অসম বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (ফ্ৰেমা)ৰ দ্বাৰা ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে ৰূপায়ণ হ’বলগা আঁচনিসমূহৰ বিষয়ে বিষদভাৱে আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (ফ্ৰেমা)ৰ দ্বাৰা ৰূপায়িত হ’বলগা আঁচনিসমূহৰ ক্ষেত্ৰত জলসম্পদ বিভাগৰ ইতিমধ্যে থকা আঁচনিৰ সৈতে যাতে উপৰা-উপৰি নহয় সেই সংক্ৰান্তত বিশেষ মনোযোগ দিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে বৈঠকতে মন্ত্ৰী পীযুষ হাজৰীকাই বিভাগীয় অভিযন্তাসকলক বৰ্তমানে বিভাগৰ চলি থকা কামসমূহৰ ক্ষেত্ৰত গুৰুত্ব দি ঠিকাদাৰে কৰি থকা কামসমূহ প্ৰত্যক্ষভাৱে তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে বিগত বাৰিষাৰ সময়ত বিভাগীয়ে তৎপৰতাৰে বহুখিনি বান নিয়ন্ত্ৰণ কৰাৰ কথা উল্লেখ কৰি আহিব লগা বাৰিষাৰ বাবেও সকলোকে আগতীয়াকৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।

বিশেষকৈ পাৰ্কুপাইন, জিঅ’ বেগ আদি জৰুৰীকালীন সময়ত প্ৰয়োজন হ’বলগা সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰয়োজনীয় প্ৰশাসনীয় কাম সোনকালে সমাপ্ত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। আনহাতে এপ্ৰিল মাহৰ শেষৰ সপ্তাহৰ ভিতৰত জৰুৰীকালীন সময়ত প্ৰয়োজন হ’বলগা সামগ্ৰীসমূহ জিলাসমূহলৈ বিতৰণ কৰিবৰ বাবেও নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে।

You may also read!

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি

গুৱাহাটী : দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু সক্রীয়া স্বেচ্ছাসেৱী সংগঠন জুনিয়ৰ চেম্বৰ ইণ্টাৰনেচনেল চমুকৈ জে চি আই। ১০০ বছৰীয় পুৰণি

Read More...

অভিযুক্তক প্ৰহাৰ আৰু ধনদাবী কৰি গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

নগাঁও : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এতিয়া ৰঙা ঘৰৰ আলহী। কাৰণ

Read More...

বৰক্ষেত্ৰীৰ কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা

আজিজ আলী মুকালমুৱা : কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা। বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে কেইজনমান সাধানৰ যুৱক। নিজৰ গাঁঠিৰ ধন

Read More...

Mobile Sliding Menu