জোনমণি বেগম

বিশ্বনাথ : ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ৰাজ্যৰ চুকে কোনে মাটিৰ দালালিৰ লগত জড়িত দালাল পৰিছে আৰক্ষীৰ জালত। ইতিমধ্যে সমগ্ৰ ৰাজ্যতে ৪৫৩ জন মাটিৰ দালাল আৰক্ষীৰ জালত পৰিছে। এই ৪৫৩ জন মাটিৰ দালালৰ ভিতৰত আছে বিশ্বনাথ জিলাৰ ৩৩ জন দালাল।

বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক লীণা দ’লেৰ নিৰ্দেশত বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত বিশ্বনাথ জিলাৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা অভিযান চলাই ৩৩ জন মাটিৰ দালালক আটক কৰা হয়। এই ৩৩ জন মাটিৰ দালালৰ ভিতৰত বিশ্বনাথ সদৰ আৰক্ষীয়ে ১৭ জন, বিহালী আৰক্ষীয়ে ২ জন, গহপুৰ আৰক্ষীয়ে ৭ জন, হেলেম আৰক্ষীয়ে ২ জন আৰু চতিয়া আৰক্ষীয়ে ৫ জনক আটক কৰে।

ইতিমধ্যে এই ৩৩ জনৰ ভিতৰত মুঠ ২২ জন মাটিৰ দালালক জেল হাজোতলৈ প্ৰেৰণ কৰিছে বিশ্বনাথ জিলা আৰক্ষীয়ে। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই ৰাজ্যজুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান। মাটি ক্ৰয়-বিক্ৰীৰ ক্ষেত্ৰত এনে ধৰণৰ মধ্য ভোগী দালালে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰি আহিছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মাটিৰ দালালৰ বিৰুদ্ধে গ্ৰহণ কৰা এই পদক্ষেপক সাধাৰণ জনতাই আদৰণী জনাইছে।

আনহাতে বিশ্বনাথ জিলা আৰক্ষীয়েও মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশক আখৰে আখৰে পালন কৰাৰ অংগিকাৰ গ্ৰহণ কৰিছে। ইফালে বিশ্বনাথ জিলাত আটক কৰা মাটিৰ দালালৰ বিৰুদ্ধে ৩৩০/২০২১ নং গোচৰত ভাৰতীয় দণ্ডবিধিৰ ১২০বি/৪২০/৪০৯/৪৬৭/৪৬৮/৪৭১ ধাৰা ৰুজু কৰা হৈছে। উল্লেখ্য যে এই মাটিৰ দালালৰ তালিকাত নাম আছে বিশ্বনাথ জিলাৰ বিজেপি কেইবাজনো নেতাৰ।

বিজেপিৰ বিশ্বনাথ জিলাৰ মিডিয়া এক্টিভীষ্ট কৃষ্ণ কুমাৰ তালুকদাৰ, বিদ্যুত তামুলী, চিকন্দৰ আলী, অকণ শইকীয়া, নিলেন হাজৰিকা, ক্ষীৰ বৰা, তমছেৰ আলী, অৰূপ হাজৰিকা, নজৰুল ইছলাম, জিয়াবুৰ ৰহমান, আলফাজ আহমেদ, কৃষ্ণ কমল ঠাকুৰীয়া, কালিমুল্লাহ ওৰফে বাটচু, ৰাম বৰা, নাচিৰ আলী, মহম্মদ আব্দুল ৱাৰিচ, ৰুহিলী বাগলাৰীকে ধৰি বিশ্বনাথ জিলাৰ কেইবাজনো মাটিৰ দালালৰ নাম আছে তালিকাত। উল্লেখ্য যে ৰঙিয়াতো আৰক্ষীয়ে আটক কৰা মাটিৰ দলালৰ তালিকাত নাম আছে বিজেপি নেতাৰ।