আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্রতৰ। জিলাখনত ইতিমধ্যে মাটিৰ দালালিৰ লগত জড়িত থকাৰ অভিযোগত ৫ জনক আটক। ২ জন মাটিৰ দালাল এতিয়াও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

সোমবাৰে নিশাৰে পৰা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা মাটিৰ দালাল বিৰোধী অভিযানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৫ জনকৈ দালালক আটক কৰে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰা মাটিৰ দালাল কেইজন ক্ৰমে আমগুৰিৰ তপন বৰুৱা, ধাইআলিৰ মঞ্জুৰ হুছেইন, বুবুল আহমেদ ওৰফে হালধী, মৰনৈকিনাৰ ৰকিব আলী আৰু দৰিকাপাৰ প্ৰবীণ গোঁহাই।

জানিব পৰা মতে আৰক্ষীয়ে ধাইআলিৰ ৰাজিব হুছেইন আৰু ডিমৌ জাপিহজীয়া দিলীপ গগৈক এতিয়াও এতিয়াও আটক কৰিবলৈ সক্ষম হোৱা নাই। এই দুই মাটিৰ দালালক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। শিৱসাগৰৰ জিলাৰ উপায়ুক্তৰ দ্বাৰা দালাল কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

শিৱসাগৰৰ জিলাৰ উপায়ুক্তৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ সদৰ থানাত ১১২৫/২১ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। অৱশ্য মাটিৰ দালালক আটক কৰা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। উল্লেখ্য যে সোমবাৰে নিশা ৰাজ্যজুৰি আৰক্ষীয়ে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই ৪৫৩ জন দালালক আটক কৰিছে।