গুৱাহাটী : মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ অন্য এক বৃহৎ সাফল্য। মহানগৰীত এখন ট্ৰাকৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ৪.৫ কেজি ওজনৰ উৎকৃষ্ট মানদণ্ডৰ হেৰ’ইন। মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ম্যানমাৰৰ পৰা আনিছিল হেৰ’নখিনি।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ঘোষণা কৰা জেহাদ অব্যাহত আছে। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি জব্দ কৰি আছে ড্ৰাগছ। ইতিমধ্যে অসম আৰক্ষীয়ে ৰাজ্যজুৰি চলোৱা এই ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ।

আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জালত পৰিছে ইজনৰ পিছত সিজনৰ ড্ৰাগছ মাফিয়া। এই ড্ৰাগছ বিৰোধী অভিযানত কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হোৱা মহানগৰ আৰক্ষীয়ে সোমবাৰে নিশা অন্য এটা বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ’ইন।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে জেএইচ-১৯-এ-৫৬২৩ নম্বৰৰ এখন ট্ৰাকৰ পৰা জব্দ কৰে ৪.৫ কেজি ওজনৰ উৎকৃষ্ট মানদণ্ডৰ হেৰ’ইন। ড্ৰাগছ সৰবৰাহকাৰীয়ে ট্ৰাকখনৰ সন্মুখৰ বাম্পাৰত ভৰাই আনিছিল হেৰ’ইনখিনি। আৰক্ষীয়ে দীর্ঘ সময় ধৰি তালাচী চলাই অৱশেষত ট্ৰাকখনৰ সন্মুখৰ বাম্পাৰ কাটি হেৰ’ইনখিনি জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে হেৰ’ইনখিনি আৰু ট্ৰাকখন জব্দ কৰাৰ লগতে মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী দুজন মহম্মদ ইডমি আৰু মহম্মদ নবাজ খান বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। জব্দকৃত ৪.৫ কেজি ওজনৰ উৎকৃষ্ট মানদণ্ডৰ হেৰ’ইনখিনিৰ বজাৰ মূল্য ৩১.৫ কোটিৰ পৰা ৩৬ কোটি টকা বুলিও জানিব দিয়ে আৰক্ষীয়ে।

মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনে হেৰ’ইনখিনি উত্তৰ ভাৰতলৈ সৰবৰাহ কৰাৰ বাবে ম্যানমাৰৰ পৰা আনিছিল। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ ফলত ড্ৰাগছ সৰবৰাহকাৰী সকলে নতুন নতুন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে।