জোনমণি বেগম

বিশ্বনাথ : সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাটো প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ক’ভিড নীতি মানি দিঙিত ফুলাম গামোচাৰে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সকলে। চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সকলে ৰূপায়ন কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

প্ৰতিবাদকাৰী প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সকলে পেবৰ নিৰ্দেশনা অনুসৰি দ্বৈত কেডাৰ ভংগ কৰি শীঘ্ৰে সৰ্বশিক্ষাৰ অধীনৰ প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী জনাইছে। ২০২০ চনৰ ১ জুলাই তাৰিখে ৰাজ্যপালৰ নির্দেশনাত উল্লেখিত সকলোবোৰ সুবিধা শীঘ্ৰে প্ৰদান কৰা। ২০১৯ চনৰ জুলাইৰ পৰা বঞ্চিত হৈ ৰোৱা বৰ্দ্ধিত মৰগীয়া বানচ বকেয়াসহ সম্পূর্ণকৈ আদায় দিয়াৰ দাবী জনাইছে।

ইয়াৰ লগতে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক তেখেতৰ বাকী থকা কাৰ্যকালৰ সম্পূৰ্ণ দৰমহা আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা। আপোন ঘৰ লোণ, এনপিএচ, চাৰ্ভিচ বুক, গ্রেচুইটি, শিক্ষক বঁটা আদিৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা। ২০১২ চনৰ পৰা আজিলৈকে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ন্যূন্যতম ২০ লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰাৰো দাবী জনাইছে প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সকলে।

বদলিকৰণ আইনৰ সংশোধন কৰি বহিঃজিলাত কৰ্মৰত শিক্ষক সকলক গৃহজিলা লৈ বদলিৰ সুবিধা প্ৰদান কৰা। নিম্ন প্রাথমিক বিদ্যালয়ত স্থায়ী প্রধান শিক্ষক পদ সৃষ্টি কৰি যোগ্যতা সম্পন্ন টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকসকলকো এই পদ প্ৰদান কৰাৰ দাবী জনাইছে। বিশ্বনাথৰ প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সকলে প্ৰতিবাদস্থলীৰ পৰাই মুখ্যমন্ত্ৰী গৰাকীক জন্ম দিনৰ শুভেচ্ছাও জ্ঞাপন কৰিছে।