কোকৰাঝাৰ : কোকৰাঝাৰৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত কংগ্ৰেছ দলৰ এক যোগদান অনুষ্ঠানত জিলাখনৰ বিভিন্ন দলসংগঠনৰ ৪৮ গৰাকী কর্মকর্তাই আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছত যােগদান কৰিছে। ইয়াৰ ভিতৰত সর্বাধিক বড়ােলেণ্ড পিপলছ পার্টীৰ ৩১ গৰাকী, ইউনাইটেড পিপলছ পার্টী লিবাৰেলৰ ১২ গৰাকী, তৃণমূল কংগ্ৰেছৰৰ ৩ গৰাকী, অসম জাতীয় পৰিষদৰ ১ গৰাকী আৰু সদৌ বিটিচি ভােজপুৰী সমাজৰ ১ গৰাকীয়ে ভাৰতীয় জাতীয় কংগ্রেছৰ প্রতি পূর্ণ আস্থা আৰু বিশ্বাস প্রকাশ কৰি দলটোত যােগদান কৰে।

কোকৰাঝাৰ কংগ্ৰেছ ভৱনত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই দলীয় ৰীতি অনুসৰি এইসকল নৱাগতক দললৈ আদৰণি জনায়। এই উপলক্ষে আয়ােজিত সভাত সভাপতি ভূপেন কুমাৰ বৰাৰ উপৰি কেইবাগৰাকীও বিধায়ক, কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি প্ৰমুখ্যে ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে। সভাৰ অন্তত ভূপেন কুমাৰ বৰাই সাংবাদিকৰ আগত কয় যে বিজেপি চৰকাৰৰ মিথ্যাচাৰ, ঠগ-প্ৰৱঞ্চনাই অসমৰ ৰাইজক বুজাই তুলিছে যে কংগ্ৰেছৰ বিকল্প নাই। গণতান্ত্রিক আৰু ধর্ম-নিৰপেক্ষ দল হিচাপে কংগ্ৰেছেই যে জাতিটোক ৰক্ষা কৰিব পাৰিব সেই কথা আজি ৰাইজৰ মনত স্পষ্ট। সেয়ে আজি কোকৰাঝাৰ জিলাৰ এইসকল ব্যক্তিয়ে নিজৰ নিজৰ দল-সংগঠন এৰি কংগ্ৰেছক শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিছে।”

মিছা কথা, ভয়-ভাবুকি-প্রলােভনৰ ৰাজনীতি অসমৰ ৰাইজে ঘৃণা কৰে। চূড়ান্ত অহংকাৰ আৰু ঘৃণনীয় ৰাজহুৱা আচৰণে বিজেপি চৰকাৰৰ মন্ত্রী-নেতা সকলৰ স্বৰূপ জনতাৰ সন্মুখত আজি উদং কৰি দিছে। ডঃ হিমন্ত বিশ্ব শর্মাৰ একনায়কত্ববাদী তথা অগণতান্ত্রিক চৰিত্র ইতিমধ্যে ওলাই পৰিছে। সেয়ে অসমৰ ৰাইজে আজি সুশাসনৰ আশাৰে কংগ্ৰেছৰ কাষ চাপিবলৈ আৰম্ভ কৰিছে বুলি কয় সভাপতি ভূপেন কুমাৰ বৰাই। বিজেপি চৰকাৰক কটাক্ষ কৰি ভূপেন কুমাৰ বৰাই লগতে কয় ‘আমি ভাল পাইছে, তেওঁলােকে আমাৰ দলক যিমানেই তুচ্ছ-তাচ্ছিল্য কৰিছে সিমানেই আমাৰ শক্তি বাঢ়ি গৈ আছে। বিজেপিয়ে সেই ধাৰাবাহিকতা অব্যাহত ৰাখিলেই আমি সুখী হ’ম’।