নিউজ ডেস্ক, সংবাদ ৩৬৫, ১২ জুলাই : ৰাজ্যত বানপানীৰ তাণ্ডৱ অব্যহত আছে। বাঢ়নী পানীয়ে প্লাবিত কৰিছে ন ন অঞ্চল। উজনিৰ পৰা নামনিলৈকে সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ দ্বিতীয়টো বানপানীয়ে। বৰ্তমানলৈকে বানপানীৰ ফলত নিহত হৈছে ৪ গৰাকীকৈ ব্যক্তি।

গোলাঘাট জিলাত বাঢ়নী পানীয়ে ২ গৰাকী ব্যক্তিৰ প্ৰাণ কাঢ়ি নিয়াৰ বিপৰীতে ডিমা হাছাও জিলাত ভূমিস্খলনৰ ফলত নিহত হৈছে দুগৰাকী ব্যক্তি। ওফন্দি উঠা ৰাজ্যৰ নদী সুমহৰ বাঢ়নী পানীয়ে প্ৰতি মুহূৰ্ততে ন ন অঞ্চল প্লাবিত কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা তথ্য অনুসৰি ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, বৰপেটা, নলবাৰী, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, মাজুলী, যোৰহাট, ডিব্ৰুগড়ৰ, হোজাই, গোৱালপাৰা, তিনিচুকীয়া আৰু কামৰূপ জিলাকে ধৰি ৰাজ্যৰ ২১খনকৈ জিলা বানৰ কবলত পৰিছে। ২১খন জিলাৰ মুঠ ৮,৬৯০২৫ লোক বৰ্তমানলৈকে বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে।

ব্ৰহ্মপুত্ৰ নদী বৰ্তমান যোৰহাট, শোণিতপুৰ, কামৰূপ, গোৱালপাৰা আৰু ধুবুৰী জিলাত বিপদ সীমাৰ ওপৰেদি বৈছে। বুঢ়ীদিহিং নৈ ডিব্রুগড়, দিচাং নৈ শিৱসাগৰ, কপিলী নৈ নগাঁও, কাতাশাল হাইলাকান্দি আৰু কুছিয়াৰা নৈ কৰিমগঞ্জত বিপদ সীমাৰ ওপৰেদি বৈছে।