বাইহাটা : বাইহাটাত ভয়ংকৰ পথ দুর্ঘটনা। এম্বুলেন্স আৰু টেম্পোৰ মুখামুখি সংঘৰ্ষত নিহত পাঁচজনকৈ লোক, সংকটজনক অৱস্থাত চিকিৎসাধীন চাৰিজন লোক। মন্দিৰ নিৰ্মাণ সাহায্যৰ বাবে বিধায়কক সাক্ষাৎ কৰি উভতি যাওঁতে দুর্ঘটনাত পতিত হয় লোক কেইজন।

কামৰূপ জিলাৰ বাইহাটাৰ বিহদিয়াত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুর্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে সাতজনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। আহত লোক কেইজনৰ ভিতৰত চাৰিজনৰ চিকিৎসালয়ত মৃত্যু ঘটে। অন্য তিনিজন আহত লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

নিশা বাইহাটা চাৰিআলি অভিমুখে আহি থকা এম্বুলেন্স এখন লগত যাত্ৰীবাহী টেম্পো এখনৰ মুখামুখি খুন্দা লাগে। এই পথ দুর্ঘটনা বিমলা বড়ো নামৰ মহিলা গৰাকী থিতাতে নিহত হোৱাৰ পৰিবৰ্তে উত্তম ৰাজবংশী, ববিতা বড়ো, বিলেশ্বৰী বড়ো আৰু তুফান বড়ো চিকিৎসালয়ত মৃত্যুৰ মুখত পৰে। পথ দুর্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজে তৎপৰতাৰে আহত লোক সকলৰ উদ্ধাৰ অভিযানত নামি পৰে।

স্থানীয় ৰাইজে আহত লোক সকলক উদ্ধাৰ কৰি বিহদিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও পিছত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে আহত লোক সকলক গুৱাহাটীলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে দুৰ্ঘটনাত পতিত হোৱা লোক সকল মন্দিৰ নিৰ্মাণৰ সাহাৰ্যৰ বাবে বিধায়ক দিগন্ত কলিতাক সাক্ষাৎ কবিৰবলৈ আহিছিল।

বিধায়ক দিগন্ত কলিতাক সাক্ষাৎ কৰি উভটাৰ পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুর্ঘটনাত পাঁচজনকৈ লোক নিহত হোৱাৰ লগতে চাৰিজন আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে এম্বুলেন্সখনৰ চালক আৰু সহযোগী দুয়োজনে নিচাসক্ত অৱস্থাত আছিল।