আজিজ আলী

মুকালমুৱা : বৰক্ষেত্ৰীৰ ঘোগা-বদনী আখিয়াত চোৰাং নীলা কেৰাচিন তেল জব্দ। আৰক্ষীৰ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ চোৰাং নীলা কেৰাচিন তেল। পলাতক চোৰাং নীলা কেৰাচিন তেলৰ ব্যৱসায়ী।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ আদাবাৰী পহৰা আৰক্ষী চকীৰ অন্তৰ্গত ঘোগাৰ বদনী আখিয়াত এক গোপন খবৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং নীলা কেৰাচিন তেল। নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ নেতৃত্বত আদাবাৰী পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিচিত্ৰ কলিতাৰ সহযোগত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই তেলখিনি জব্দ কৰে।

ঘোগা বদনী আখিয়াৰ কুতুব আলীৰ পুত্ৰ নেকিব আলীৰ ঘৰত আৰক্ষীৰ দলটোৱে অভিযান চলাই চোৰাং নীলা কেৰাচিন তেলখিনি জব্দ কৰে। আৰক্ষীয়ে জানিব দিয়া মতে নেকিব আলীৰ ঘৰৰ পৰা প্ৰায় ২৪২০ লিটাৰ চোৰাং নীলা কেৰাচিন তেল জব্দ কৰিছে আৰক্ষীয়ে।

ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই চোৰাং তেল ব্যৱসায়ী নেকিব আলীয়ে ঘৰৰ পৰা পৰায়ন কৰে। আৰক্ষীয়ে চোৰাং নীলা কেৰাচিন তেলখিনি জব্দ কৰি আদাবাৰী পহৰা আৰক্ষী চকীলৈ লৈ আহে। দীর্ঘদিন ধৰি নীলা কেৰাচিন তেলৰ চোৰাং ব্যৱসায় চলাই থকা নেকিব আলীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।