দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ নদী পথৰ পৰা শনিবাৰে আৰক্ষীয়ে পাঁচটা গৰুসহ এজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। পুৱতি নিশা প্ৰায় ২ বজাত ব্ৰহ্মপুত্ৰৰ নদী পথেৰে গৰু চোৰাং সৰবৰাহকাৰীৰ দল এটা কেইবাটাও গৰু লৈ বাংলাদেশৰ ফালে গৈ থকা অৱস্থাত দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলায়।

আৰক্ষীৰ অভিযানৰ উমান পাই গৰু চোৰাং সৰবৰাহকাৰীৰ দলটো গৰু এৰি নদী সাঁতুৰি পলায়ন কৰে যদিও তাৰ মাজৰ পৰা আৰক্ষীয়ে এজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি নদীৰ পৰা পাঁচটা গৰু জব্দ কৰে। ধৃত গৰু সৰবৰাহকাৰীজন দক্ষিণ শালমাৰা থানা এলেকাৰ বাশিৰচৰ গাঁৱৰ আব্দুল ছবুৰৰ পুত্ৰ সূৰজ জামাল বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে গৰু সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতত প্ৰেৰণ কৰাত আদালতে গৰু সৰবৰাহকাৰীজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীত পানী বৃদ্ধি পোৱাৰ লগে লগে একাংশ গৰু সৰবৰাহকাৰী অধিক সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে। গৰু সৰবৰাহকাৰী সকলে কলগছৰ ভূৰ বনাই ভূৰত গৰু বান্ধি নদী পথেৰে বাংলাদেশলৈ গৰুৰ সৰবৰাহ অব্যাহত ৰাখিছে। বিগত সময়ছোৱাত আৰক্ষী আৰু বিএছএফে অভিযান চলাই ব্ৰহ্মপুত্ৰ নদীৰ পৰা বহু গৰু জব্দ কৰিবলৈ সক্ষম হৈছে।