তামুলপুৰ,সংবাদ ৩৬৫, ৫ মাৰ্চ : মঙ্গলবাৰে দুপৰিয়া বীৰ ছহিদ মনেশ্বৰ বসুমতাৰী কলবাৰীস্থিত বাসগৃহত উপস্থিত হয় মেকলিইডচ ফাৰ্মাচিটিকেল নামৰ এক ঔষধ প্ৰতিস্থানৰ কৰ্মচাৰী বৃন্দ । বীৰ শ্বহীদ গৰাকীৰ পত্নী, পুত্ৰ আৰু কন্যাক লগ ধৰি গভীৰ সমবেদনা জ্ঞাপন কৰে প্ৰতিস্থানৰ তৰফৰ পৰা কৰ্মচাৰী সকলে।

প্ৰতিস্থানটোৰ এক প্ৰতিনিধিৰ দলে বীৰ ছহিদ মনেশ্বৰ সুমতাৰীৰ পৰিয়াললৈ ৫ লাখ টকা আৰ্থিক অনুদান (চেক) আগবঢ়াই।

সাংবাদিকৰে হোৱা এক সাৎক্ষাতকাৰত প্ৰতিস্থানটোৰ সহকাৰী পৰিচালক নিহাৰ ৰজ্ঞন বেহৰাই সংবাদ মাধ্যমৰ আগত কয় যে প্ৰতিস্থানটোৱে পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা ৪০ গৰাকী বীৰ ছহিদৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক অনুদান আগৱঢ়াব ।

প্ৰতিনিধি দলটোত কোম্পানীটোৰ সহকাৰী পৰিচালক নীহাৰ বেহেৰা, আৰ এছ এম সন্দিপ বেনাৰ্জী, এফ এছ এম সহদত হুছেইন, পি এছ ও হেমেন ডেকা আদিকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ।

উল্লেখযোগ্য যে কোম্পানীটোৱে পুলৱামাত ছহিদ হোৱা প্ৰতিগৰাকীৰ পৰিয়াললৈ পাঁচ লাখ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ।