বাইহাটা চাৰিঅালি,সংবাদ ৩৬৫,৫মাৰ্চঃ কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত উত্তেজনা । চিকিৎসকৰ কোঠাৰ পৰা কৰ্মৰত চিকিৎসকে গতিয়াই দিলে ৰোগীৰ আত্মীয়ক । এই অভিযোগ ৰোগীৰ আত্মীয়ৰ ।

কালি এটি স্থানীয় উদ্যোগত কৰ্মৰত মহিলা কৰ্মচাৰী এগৰাকী অসুষ্ঠ হৈ পৰাত ততালিকে ভৰ্তি কৰে কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত । ৰোগীগৰাকী যথেষ্ট অসুষ্ঠ হৈ পৰাত ৰোগীৰ আত্মীয়ই চিকিৎসক খাইৰুল হুছেইনক ৰোগী গৰাকীক পৰীক্ষা কৰাৰ বাবে অনুৰোধ জনাই ।

সেই সময়ত চাহ পান কৰি থকা চিকিৎসক গৰাকীয়ে ৰোগীৰ আত্মীয়ৰ অনুৰোধ প্ৰত্যাখান কৰাত ৰোগীৰ আত্মীয়ই পুনৰ অনুৰোধ কৰে যদিও আত্মীয় গৰাকীক গতিয়াই বাহিৰ কৰি দিয়ে কোঠাৰ পৰা । এই লৈ চিকিৎসালয় খনত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি । পিছত ৰোগীৰ আত্মীয়ই কমলপুৰ আৰক্ষী থানাত ঘটনাৰ সম্পৰ্কত দাখিল কৰে এখন এজাহাৰ । ইয়াৰ পিছত ঘটনাস্থলীত কমলপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ণন্ত্ৰন কৰে ।

অভিযুক্ত চিকিৎসক খাইৰুল হুছেইনে ৰোগীৰ আত্মীয়ৰ অভিযোগ অস্বীকাৰ কৰাৰ লগতে তেওঁকহে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তোলে।