নিউজ ডেস্ক : ৫০০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ এগৰাকী মহিলাৰ ঘৰত। অসম ৰাইফলছে জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। মহিলা গৰাকী পলাতক অৱস্থাত আছে। মহিলা গৰাকী ম্যানমাৰলৈ পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। মহিলা গৰাকীৰ স্বামী চীনৰ নাগৰিক।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। মণিপুৰৰ মৰেৰ শিৱ গেটৰ তামিল সংগম মন্দিৰৰ ওচৰত থকা এগৰাকী মহিলাৰ ঘৰত অভিযান চলাই অসম ৰাইফছলে ৫০০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছে। জব্দকৃত ড্ৰাগছখিনিত আছে ব্ৰাউন ছুগাৰ আৰু আইচ মেথ।

৫৪ কেজি ব্ৰাউন ছুগাৰ আৰু ১৫৪ কেজি আইচ মেথ জব্দ কৰিছে অসম ৰাইফলছে। ব্ৰাউন ছুগাৰখিনিৰ মূল্য ১০৮ কোটি টকা আৰু আইচ মেথখিনিৰ মূল্য ৪০০ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ হোৱা ঘৰৰ স্বত্বাধিকাৰী এগৰাকী মহিলা। মহিলা গৰাকীৰ স্বামী চীনাৰ নাগৰিক।

অভিযানকালত অসম ৰাইফলছে মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হোৱা নাই। মহিলা গৰাকী ম্যানমাৰলৈ পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্ব ২০২০ চনৰ নৱেম্ববৰ মাহত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই ২৩০০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছিল।