জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ চাৰিআলিৰ লুমিনেৰী জুনিয়ৰ কলেজৰ নৱাগত আদৰণি অনুষ্ঠানত। নৱাগত আদৰণি অনুষ্ঠানত প্ৰাচীৰ পত্ৰিকা জ্যোতিষ্ক উন্মোচন। অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠনাত কলেজখনৰ বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নৃত্য, গীত পৰিৱেশন কৰে।

বিশ্বনাথ চাৰিআলিৰ লুমিনেৰী জুনিয়ৰ কলেজৰ নৱাগত আদৰণি অনুষ্ঠানত মঙলবাৰে কলেজ প্ৰাংগণত অনুষ্ঠিত হয়। কলেজখনৰ ছাত্ৰী নিবেদিতা শইকীয়াই আঁত ধৰা অনুষ্ঠানত কলেজখনৰ সঞ্চালক কন্দৰ্প হাজৰিকাই সভাৰ উদ্দেশ্য বাখ্যা কৰে।

সভাত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক আব্দুল বাৰেক, চাৰিআলি মডেল ইংলিছ স্কুলৰ অধ্যক্ষ প্ৰদীপ হেমৰাম, চাৰিআলি একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অৰ্চনা শৰ্মা, বিষয় শিক্ষক মানস জ্যোতি ভূঞা, কলেজৰখনৰ যোগিন্দৰ কানু আদি বিশিষ্ট অতিথিয়ে অনুষ্ঠানত অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানতে জ্যোতিষ্ক নামৰ এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।

প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই। তেওঁ প্ৰাচীৰ পত্ৰিকা আৰু অন্যান্য আলোচনীৰ জড়িয়তে শিক্ষানুষ্ঠান সমূহত বৌদ্ধিক আন্দোলন আগবঢ়াবই নিবলৈ আহ্বান জনায়। অনুষ্ঠানটোৰ আঁত ধৰে কন্দৰ্প হাজৰিকাই।

অনুষ্ঠানত প্ৰাচীৰ পত্ৰিকা সম্পাদনা সমিতিৰ কংকু মণি হাজৰিকা, ৰিছিতা লগুনৰ লগতে খৰাছিমলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেমাংগ হাজৰিকা, কলেজৰ সঞ্চালক মণ্ডলীৰ অকণ শইকীয়া, সেউতি হাজৰিকা আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে সহযোগ কৰে। অনুষ্ঠানত বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নৃত্য, গীত পৰিৱেশন কৰে।