গুৱাহাটী : দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশত। বন্ধ হৈ থকা কাগজ কলৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ দিশত। অৱশেষত কাগজ কলৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ বাবে আগুৱাই আহিল ৰাজ্য চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কলৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ ঘোষণা কৰিলে।

নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰী সন্থাৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ সমস্যা সমাধানৰ বাবে সাহায্যৰ ঘোষণা কৰে। দীর্ঘদিন ধৰি বন্ধ হৈ থকা কাগজ কল দুটাৰ কৰ্মচাৰী সকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫৭০ কোটি টকা সাহায্যৰ ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এই ৫৭০ কোটি টকাৰ সাহায্যৰ ফলত কাগজ কল দুটাৰ কৰ্মচাৰী সকলে দুমাহৰ ভিতৰত নিজৰ নিজৰ প্ৰাপ্য ধন লাভ কৰিব। কাগজ কল দুটাৰ ৫৮ বছৰৰ সকলো কৰ্মচাৰীয়ে পেঞ্চন লাভ কৰাৰ লগতে কৰ্মচাৰী সকলে সম্পূৰ্ণ দৰম লাভ কৰিব।

অৱশ্যে কৰ্মচাৰী সকলে কাগজ কলৰ ঘৰ খালী কৰি দিলেহে এই সকলো সুবিধা লাভ কৰিব কৰ্মচাৰী সকলে। কাগজ কল দুটাৰ কৰ্মচাৰী সকলক ঘৰ খালী কৰাৰ বাবে এমাহৰ অতিৰিক্ত সময় প্ৰদান কৰা হ’ব। কাগজ কল দুটাৰ কৰ্মচাৰী সকলে পূৰ্বৰে পৰা তেওঁলোৰ প্ৰাপ্যৰ ধন দিলে ঘৰ খালী কৰাৰ দাবী জনাই আহিছিল।