গুৱাহাটী : সংস্থাপন অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী পাঁচটাকৈ বাওঁপন্থী ৰাজনৈতিক দলৰ। গৰুখুটীত উচ্ছেদ কৰা সকলক পুনৰ সংস্থাপন দিয়া, গৰুখুটীৰ গুলী চালনাৰ ঘটনা উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰা, আহত আৰু নিহত হোৱা সকলক উপযুক্ত ক্ষতিপূৰণ দিয়া লগতে দৰং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ততালিকে নিলম্বন কৰাৰ দাবী জনাইছে পাঁচটাকৈ বাউপন্থী ৰাজনৈতিক দলে।

চিপিআই, চিপিআই(এম), চিপিআই(এমএল), আঞ্চলিক গণ মৰ্চা আৰু ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতিনিধিৰ এটা দলে দৰং জিলাৰ চিপাঝাৰৰ গৰুখুটীৰ উচ্ছেদস্থলী পৰিদৰ্শন কৰে। বাওঁপন্থী ৰাজনৈতিক দল পাঁচটাৰ প্ৰতিনিধিয়ে গৰুখুটীত উচ্ছেদ কৰা লোক সকলৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ বুধবাৰে এক সংবাদ মেলযোগে গৰুখুটীৰ উচ্ছেদৰ বলি হোৱা লোক সকলৰ অৱস্থাৰ বৰ্ণনা দাঙি ধৰে।

সংবাদ মেলত আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই কয় যে উচ্ছেদৰ বলি হোৱা লোক সকল নিজৰ আশ্ৰয়স্থলী হেৰুৱাই উৎকট গৰমত বাঁহ গছৰ ছাঁ তলত থাকিব লগীয়া হৈছে। এই লোক সকল কোনো ধৰণৰ খাদ্য সামগ্ৰীৰ লগতে চিকিৎসা সেৱা লাভ কৰা নাই। এই লোক সকল সম্পূৰ্ণ নিৰাপত্তাহীনতা আৰু গভীৰ আশংকাত ভুগিছে।

বাওঁপন্থী ৰাজনৈতিক দল পাঁচটাৰ প্ৰতিনিধিসকল উচ্ছেদৰ বলি হোৱা লোক সকলৰ লগত সাক্ষাৎ কৰি জানিবলৈ পায় যে প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক উচ্ছেদৰ আগদিনা ৰাতি জাননী দিয়া হৈছিল বুলি সাংসদ অজিত কুমাৰ ভূঞাই কয়। উচ্ছেদ ২০ আৰু ২৩ ছেপ্টেম্বৰত চলিছিল আৰু ২৩ ছেপ্টেম্বৰৰ উচ্ছেদৰ দিনা পৰিস্থিতি অধিক ভয়াবহ হৈ উঠে আৰু দুজন লোক আৰক্ষীৰ গুলীত নিহত হোৱা ঘটনাক সাংসদ অজিত কুমাৰ ভূঞাই বৰ্বৰ হত্যাকাণ্ড আখ্যা দিয়ে।

গৰুখুটীৰ উচ্ছেদস্থলী পৰিদর্শন কৰা বাওঁপন্থী ৰাজনৈতিক দল পাঁচটাৰ প্ৰতিনিধি সকলে কয় যে উচ্ছেদৰ বলি হোৱা লোক সকলে সুন্দৰ অসমীয়া ভাষাত ঘটনাৰ বিবৰণ দাঙি ধৰে। এই সকল নাগৰিক ভাৰতীয় নাগৰিক। গৰুখুটী পৰিদৰ্শন কৰি দলটোৱে আশংকা ব্যক্ত কৰে যে বিজেপি চৰকাৰে সাম্প্ৰদায়িক বিভাজনৰ নীতিৰে অসমক ভাগ ভাগ কৰিবলৈ চেষ্টা চলাইছে।