মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ কুছনিমাৰা জোৰডাঙা গাঁৱত বুধবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত আৰক্ষী আৰু বিএছএফে এক যৌথ অভিযান চলাই ৯৮০০ টা নিচাজাতীয় টেবলেটসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।এক গোপন খবৰৰ ভিত্তিত মানকাচৰ থানাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক সন্তোষ কুমাৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্পৰ ৬ নং বেটেলিয়ানৰ বিএছএফৰ সহযোগত উক্ত গাঁওখনত অভিযান চলায়।

তিনিজনীয়া ড্ৰাগছ ব্যৱসায়ীৰ দল এটাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট বিক্ৰী কৰাৰ বাবে ভাৰত-বাংলাদেশ সীমান্তৰ কাষত উপস্থিত হয়। তেনে সময়তে দুয়োফালৰ পৰা আৰক্ষী আৰু বিএছএফে এই চক্ৰটোক আটক কৰাৰ বাবে ঘেৰাও কৰে। আৰক্ষী আৰু বিএছএফে ড্ৰাগছ ব্যৱসায়ী আকিদুল ইছলামক আটক কৰি ৯৮০০ টা নিচাজাতীয় টেবলেট জব্দ কৰে। ইফালে আৰক্ষী আৰু বিএছএফক দেখি আকিদুল ইছলামৰ আন দুজন সহযোগী ঘটনাস্থলীৰ পৰা গাঁৱৰ খেতিৰ মাজেৰে পলায়ন কৰে বুলি জানিব পৰা গৈছে।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় একাংশ ৰাইজ উত্তেজিত হৈ আকিদুল ইছলাম ড্ৰাগছৰ ব্যৱসায়ী হয়নে নহয় তাৰ প্ৰমাণ বিচৰাত আৰক্ষীয়ে ৰাইজক টেবলেটসহ গ্ৰেপ্তাৰ কৰা বুলি অৱগত কৰাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। বৃহস্পতিবাৰে পুৱাৰ ভাগত আকিদুল ইছলামক হাটশিঙিমাৰী মহকুমা আদালতত হাজিৰ কৰোৱা হ’ব। ধৃত ড্ৰাগছ ব্যৱসায়ী আকিদুল ইছলাম জোৰডাঙা দ্বিতীয় খণ্ড গাঁৱৰ আব্দুল ছামাদৰ পুত্ৰ।