জোনমণি বেগম
বিশ্বনাথ : ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বেহা। একাংশ গৰু সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে গৰুৰ অবৈধ সৰবৰাহ। ৰাজ্যত গো আইন বলৱৎ হোৱাৰ পিছতো সক্ৰিয় হৈ আছে গো মাফিয়া। গৰু সৰবৰাহৰ বাবে নতুন নতুন কৌশল অৱলম্বন কৰিছে গৰু সৰবৰাহকাৰীয়ে।

আৰক্ষীৰ চকুত ধূলি দি ট্ৰাকৰ পৰিৱৰ্তে কন্টেইনাৰত গৰুৰ সৰবৰাহ আৰম্ভ কৰিছে গৰু সৰবৰাহকাৰীয়ে৷ বিশ্বনাথ আৰক্ষীয়ে দুখন গৰু ভৰ্তি কন্টেইনাৰ জব্দ কৰিছে। পুৱতি নিশা বিশ্বনাথ সদৰ আৰক্ষীয়ে তালাচী অভিযান চলাই জব্দ কৰে চোৰাং গৰু ভৰ্তি কন্টেইনাৰ দুখন৷

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বিশ্বনাথ সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলিছিল এই তালাচী অভিযান৷ তালাচী অভিযানত আৰক্ষীয়ে কন্টেইনাৰ দুখনৰ পৰা ৫৯ টাকৈ বলধ গৰু জব্দ কৰিছে৷ গৰু কেইটা লখিমপুৰৰ পৰা ৰূপহীহাটলৈ নিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰে।

এইচআৰ-৩৮-আৰ-৭৮৫৫ আৰু এইচআৰ-৩৮-কিও-৯৮১২ নম্বৰৰ
কন্টেইনাৰ দুখনৰ পৰা আৰক্ষীয়ে গৰু কেইটা জব্দ কৰিছে। আৰক্ষীয়ে কন্টেইনাৰ দুখনৰ চালক আশ্ৰাফুল ইছলাম আৰু বিকাশ কুমাৰক আটক কৰিছে। আশ্ৰাফুল ইছলামৰ ঘৰ নগাঁও জিলাৰ ৰূপহীহাটত আৰু বিকাশ কুমাৰৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে।

গৰুৰ এই চোৰাং সৰবৰাহৰ লগত এক বৃহৎ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। সামগ্ৰী কঢ়িওৱা কন্টেইনাৰযোগে বহিঃৰাজ্যৰ লগতে বাংলাদেশলৈও গৰু সৰবৰাহৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে কন্টেইনাৰ দুখনৰ চালক দুজনক জেৰা চলাই থকা বুলিও জানিব পৰা গৈছে।