মৰিয়নি : ৰে’লৰ খুন্দাত পুনৰ মৃত্যু বনৰীয়া হাতীৰ। এইবাৰ যোৰহাট জিলাৰ মৰিয়নিত ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে এটা বনৰীয়া হাতীয়ে। 

পুৱতি নিশা মৰিয়নিত ৰে’লৰ খুন্দাত মৃত্যু হয় এটা বনৰীয়া হাতীৰ পোৱালিৰ। মৰিয়নিৰ নকচাৰী ভেলুগুৰি ৯৫ নং ৰে’ল গেটত ৰে’লৰ খুন্দাত নিহত হয় হাতীৰ পোৱালিটো।

উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত হাতীৰ পোৱালিটোৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। খাদ্যৰ সন্ধানৰ বনাঞ্চলৰ পৰা ওলাই আহিছিল বনৰীয়া হাতীৰ।পোৱালিটো।

পূৰ্বেও এই অঞ্চলটোত ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু হৈছিল। খাদ্যৰ সন্ধানত প্ৰায়ে অঞ্চলটোত গিৱন অভয়াৰণ্যৰ পৰা বনৰীয়া হাতীৰ জাক ওলাই আহে।

ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ পোৱালিটোৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। কিছুদিন পূৰ্বে ক্ষেত্ৰীত ৰে’লৰ খুন্দাত মৃত্যু হৈছিল দুটাকৈ বনৰীয়া হাতীৰ।