জোনমণি বেগম
বিশ্বনাথ : অবৈধ অৰুণাচলৰ সুৰাৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীৰ অভিযান। বিশ্বনাথ সদৰ আৰক্ষী থানাৰ অভিযানত প্ৰায় ২৫ লাখ টকা মূল্যৰ অবৈধ অৰুণাচলৰ সুৰা জব্দ। বৃহৎ পৰিমাণৰ এই অৰুণাচলৰ সুৰাৰ লগতে বিশ্বনাথ সদৰ আৰক্ষীয়ে আটক কৰিলে এজনক।

নিশা বিশ্বনাথ সদৰ আৰক্ষী থানাৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলৰ বিয়েৰ আৰু সুৰা। প্ৰায় ৮০০ কার্টুত বিয়েৰ আৰু সুৰা লৈ বান্দৰদুৱাৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন ট্ৰাকত তালাচী চলাই বিশ্বনাথ আৰক্ষীয়ে জব্দ কৰে এই সুৰা আৰু বিয়েৰখিনি।

এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই তেজপুৰ অভিমুখে আহি থকা ট্ৰাকখনৰ পৰা অবৈধ অৰুণাচলৰ সুৰা আৰু বিয়েৰ জব্দ কৰে। বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্বত চলিছিল এই অভিযান।

অভিযানকাৰী দলটোৱে সুৰাখিনি জব্দ কৰাৰ লগতে সুৰা ভৰ্তি ট্ৰাকখনৰ চালক লোহিত বাহাদুৰ বিশ্বকৰ্মাক আটক কৰে। আৰক্ষীয়ে ট্ৰাকখনৰ পৰা জব্দ কৰা অৰুণাচলৰ সুৰা আৰু বিয়েৰখিনিৰ মূল্য ২৫ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে ট্ৰাকখনৰ চালকক জেৰা চলাই আছে।