যতীন নাথ
মাজবাটত : পুনৰ নাবালিকাৰ ওপৰত বৃদ্ধৰ বেয়া দৃষ্টি। ৬২ বছৰীয়া বৃদ্ধৰ বেয়া দৃষ্টি পৰিল ১৬ বছৰীয়া নাবালিকাৰ ওপৰত।
লম্পট বৃদ্ধাৰ কামনাৰ বলিৰ পৰা ৰক্ষা পৰিল ১৬ বছৰীয়া নাবালিকা গৰাকী। ৰাইজে লম্পট বৃদ্ধজনক আটক কৰি গতাই দিলে আৰক্ষীক। বৃদ্ধজনৰ দোকানত কৰ্মৰত ১৬ বছৰীয়া যুৱতী গৰাকীক বৃদ্ধজনে ধৰ্ষণৰ চেষ্টা চলায়।

ওদালগুৰি জিলাৰ মাজবাটৰ নাহৰঝাৰ চেন্টাৰত এখন কাপোৰৰ দোকানত কৰ্মৰত এগৰাকী ১৬ বছৰীয়া নাবালিকাক দোকানখনৰ স্বত্বাধিকাৰী ৬২ বছৰীয়া ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীয়ে দোকানৰ দৰ্জা বন্ধ কৰি ধৰ্ষণ কৰাৰ চেষ্টা চলোৱাৰ এক অভিযোগ উত্থাপন হৈছে। লম্পট বৃদ্ধজনে সংঘটিত কৰা এই জঘন্যকাণ্ডই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলীৰ ১ নং ওৱাৰ্ডৰ নিবাসী ৬২ বছৰীয়া ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীয়ে কিছু বছৰ পূৰ্বে ওদালগুৰি জিলাৰ মাজবাটৰ নাহৰঝাৰ চেন্টাৰত এখন কাপোৰৰ দোকান খুলি ব্যৱসায় আৰম্ভ কৰিছিল। উক্ত দোকানখনতে কিছুদিনৰ পৰা এগৰাকী ১৬ বছৰীয়া নাবালিকাক কাম কৰাৰ বাবে বৃদ্ধজনে নিযুক্তি দিছিল।

লম্পট ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীয়ে নাবালিকা গৰাকীক দোকানৰ পিছফালে থকা কোঠালৈ মাতি নি ধৰ্ষণৰ চেষ্টা চলায়। নাবালিকা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে দোকানৰ ভিতৰলৈ গৈ নাবালিকা গৰাকীক উদ্ধাৰ কৰে। ৰাইজে লম্পট বৃদ্ধ ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীক আটক কৰি উত্তম-মাধ্যম দি মাজবাট আৰক্ষীক খবৰ দিয়ে।

মাজবাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বৃদ্ধ ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীক আটক কৰি থানালৈ লৈ আহে। নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে মাজবাট থানাত বৃদ্ধজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত মাজবাট আৰক্ষীয়ে লম্পট বৃদ্ধজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰাত আদালতে বৃদ্ধজনক জেললৈ প্ৰেৰণ কৰে।

নাবালিকা গৰাকীক বৃদ্ধজনে বিভিন্ন সময়ত অশ্লীল ইংগিৰে নিৰ্যাতন চলাই আছিল বুলি নাবালিকা গৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰে। উল্লেখ্য যে এই লম্পট ৰাজেন্দ্ৰ পি কে মাদ্ৰাজীয়ে পূৰ্বতেও এনেকৈ বহু যুৱতীক নিৰ্যাতন চলাইছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।