সংগীতা পাটৰ

গুৱাহাটী : পানী মেটেকাৰে কাগজ বনালে ৰূপাংকৰ ভট্টাচাৰ্য নামৰ এজন যুৱকে। ২০১৯ চনৰে পৰা পানী মেটেকাৰে কাগজ প্ৰস্তুত কৰাৰ চেষ্টা চলাই আহিল ৰূপাংকৰ ভট্টাচাৰ্যই। কিন্তু ৰূপাংকৰ ভট্টাচাৰ্যই সাফল্য লাভ কৰে ২০২০ আৰু ২০২১ চনত ক’ভিড মহামাৰীৰ বাবে ঘোষণা কৰা লক ডাউনৰ সময়ত। লক ডাউনৰ সময়ত ঘৰত আৱদ্ধ হৈ থকা সময়খিনিক সঠিকভাৱে ব্যৱহাৰ কৰে ৰূপাংকৰ ভট্টাচাৰ্য নামৰ যুৱকজনে।

পানী মেটেকাৰে বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰাৰ বাতৰি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়। জলাশয় সমূহৰ পৰা পানী মেটেকা সংগ্ৰহ কৰি এই পানী মেটেকা সমূহক শুকুৱাই বিভিন্ন ধৰণৰ বেগ, ঘৰত সজোৱা সামগ্ৰী নিৰ্মাণ কৰি ইতিমধ্যে বহু লোকে নিজকে সফল উদ্যোমী হিচাপে গঢ় দিবলৈ সক্ষম হৈছে। পানী মেটেকাৰে নিৰ্মিত সামগ্ৰী সমূহে ভাৰতত লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰখনো দখল কৰিবলৈ সক্ষম হৈছে।

ধৈৰ্য, একাগ্ৰতা আৰু কৰ্মস্পৃহা থকা লোক যিকোনো পৰিস্থিতিৰ মাজত থাকি সাফল্য লাভ কৰিবলৈ সক্ষম হয়, ইয়াকে পুনৰ এবাৰ প্ৰমাণ কৰিলে গুৱাহাটীৰ ৰূপাংকৰ ভট্টাচাৰ্য নামৰ এগৰাকী যুৱকে। জলাশয় সমূহৰ অস্তিত্বৰ প্ৰতি সংকট কঢ়িয়াই অনা পানী মেটেকা সমূহক কি দৰে জলাশয় সমূহৰ পৰা আঁতৰ কৰিব পাৰি, দীর্ঘদিন ধৰি এই সম্পৰ্কে কাম কৰাৰ অন্তত ৰূপাংকৰ ভট্টাচাৰ্যই পানী মেটেকাৰে কাগজ নিৰ্মাণ কৰাৰ কামত ব্যস্ত হৈ পৰিছিল।

সময়ৰ লগে লগে পানী মেটেকাক কাগজলৈ ৰূপান্তৰ কৰাৰ কাম আগবাঢ়ি গৈছিল যদিও ৰূপাংকৰ ভট্টাচাৰ্যই এই ক্ষেত্ৰত সাফল্য লাভ কৰাৰ বাবে হাতত প্ৰচুৰ সময় লাভ কৰিছিল ২০২০ আৰু ২০২১ চনত ক’ভিড মহামাৰীৰ বাবে ঘোষণা কৰা লক ডাউনৰ সময়খিনিত। এই সময়খিনিতে ৰূপাংকৰ ভট্টাচাৰ্যৰ প্ৰচেষ্টাত পানী মেটেকা জলাশয়ৰ সংকটৰ পৰা কাগজৰ ৰূপত সম্পদলৈ ৰূপান্তৰিত হয়। অৱশেষত ৰূপাংকৰ ভট্টাচাৰ্যৰ এই সাফল্য লাভ কৰিলে এক বিশেষ স্বীকৃতি।

লণ্ডনৰ এক আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সন্থাই অনুষ্ঠিত কৰা এক প্ৰতিযোগিতাত ৰূপাংকৰ ভট্টাচাৰ্যই সফলতাৰে পানী মেটেকাক কাগজলৈ ৰূপান্তৰ কৰা কাৰ্যক স্বীকৃতি প্ৰদান কৰে। এই প্ৰতিযোগিতাত ভাৰতৰ পৰা অংশগ্ৰহণ কৰা ১০০ গৰাকী প্ৰতিযোগীৰ ভিতৰত ৰূপাংকৰ ভট্টাচাৰ্যই প্ৰথম স্থান দখল কৰে। পানী মেটেকাৰ পৰা কাগজ প্ৰস্তুত কৰাৰ বাবে লণ্ডনৰ ‘ৱেষ্ট এইড’ নামৰ বেচৰকাৰী সন্থা এটাই অনুষ্ঠিত কৰা ‘জিৰো ৱেষ্ট চিটিছ চেলেঞ্জ’ প্ৰতিযোগিতাত ৰূপাংকৰ ভট্টাচাৰ্যই দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে।

এই প্ৰতিযোগিতাখনত প্ৰথম স্থান দখল কৰি ৰূপাংকৰ ভট্টাচাৰ্যই পুৰস্কাৰ হিচাপে লাভ কৰিছে ১০ হাজাৰ ইউৰো। ভাৰতীয় টকা মূল্যত প্ৰায় ৮ লাখ টকা এই আন্তঃৰাষ্ট্ৰীয় সন্থাটোৱে পানী মেটেকাৰ পৰা কাগজ প্ৰস্তুত কৰা এক প্ৰকল্প স্থাপনৰ বাবে ৰূপাংকৰ ভট্টাচাৰ্যলৈ আগবঢ়াইছে। ৰূপানৰ ভট্টাচাৰ্যৰ ‘ইনছাইট আউট’ নামৰ প্ৰতিষ্ঠানটোৱে অতি দীপৰ বিলৰ পাৰত পানী মেটেকাৰে কাগজ প্ৰস্তুত কৰাৰ প্ৰকল্প স্থাপনৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে।