জোনমণি বেগম
বিশ্বনাথ : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিবৰ্তে মূল্যবৃদ্ধিৰ বিৰুদ্ধে খেতি পথাৰত প্ৰতিবাদ। মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ হায়, হায় আদি প্ৰতিবাদী শ্ল’গানৰ পৰিবৰ্তে খেতি পথাৰ ব্যতিক্ৰমী ধৰণে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। বিশ্বনাথত কৃষি কৰ্মৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিবলৈ কৃষি ভূমিত নামিল শিক্ষিত উদ্যমী যুৱকৰ দল।

খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাইছে। শাক-পাচলিৰ পৰা আৰম্ভ কৰি মিঠাতেল, আলু, পিয়াঁজ, ডাইল সকলোতে লাগিছে জুই। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰদান কৰা মন্তব্যই ইতিমধ্যে ৰাইজৰ চকু কপালত তুলিছে। ইয়াৰ মাজতো ৰাইজে চৰকাৰৰ মুখৰ ফালে চাই অপেক্ষাত আছে যে কিবা এটা হ’ব।

দুখীয়া-দৰিদ্ৰৰ লোক এবেলা খাই এবেলা লঘুণে থকাৰ উপক্ৰম হৈছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰখনক টোপনিৰ পৰা জগাই তোলাৰ বাবে বিৰোধী দল সমূহৰ লগতে বিভিন্ন সংগঠনে মাজে-সময়ে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ উত্তাল কৰা দেখিবলৈ পোৱা যায় যদিও ইয়াৰ ফলত সৰ্বসাধাৰণ ৰাইজ কোনো ক্ষেত্ৰতে উপকৃত হোৱা পৰিলক্ষিত হোৱা নাই। অৱশ্যে ৰজাপথৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে।

এইবাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে খেতি পথাৰত। উচ্চ শিক্ষিত যুৱকৰ দল এটা পথাৰৰ নামিছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। কিন্তু এই শিক্ষিত যুৱক সকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি চৰকাৰক লক্ষ্য কৰা নাই। মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰাৰ পৰিবৰ্তে যুৱকৰ দলটোৱে কৃষি কৰ্মৰ দ্বাৰা মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুঁজ দিবলৈ ওলাই আহিছে।

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ পৰা ইন্ধনজাত সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। খাদ্য সামগ্ৰীৰ ভিতৰত মিঠাতেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে মিঠাতেলক অধিক চৰ্চিত কৰি তুলিছে। আনকি মিঠাতেল ইমানেই চৰ্চিত হৈছে যে চোৰেও এতিয়া মিঠাতেলক লক্ষ্য কৰা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ মন্ত্রী-বিধায়কৰ মুখতো এতিয়া মিঠাতেলৰ কথা।

ৰাজ্যৰ বিজেপি চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই মিঠাতেলৰ পৰিবৰ্তে বইল খাবলৈ পৰামৰ্শ দি সাধাৰণ জনতাক তৰল ইতিকিং সূচক মন্তব্য কৰাৰ পিছতে ক্ষুদ্ধ হৈ পৰিছে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনতা৷ মন্ত্ৰী অতুল বৰাৰ এই মন্তব্যক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি ‘পথাৰ আমাৰ, বজাৰ আমাৰ’ লক্ষ্যৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাৰ বান্ধি ৰাইজক যৎকিঞ্চিত সকাহ দিয়া বাবে বিশ্বনাথৰ মোনাবাৰী কাঠনীবাৰীৰ উচ্চ শিক্ষিত যুৱকে সৰিয়হ খেতি কৰিবলৈ ওলাই আহিছে৷

এই শিক্ষত যুৱক সকলে ৭০ বিঘাৰো অধিক মাটিত পুৰ্ণোদ্যমে সিঁচিছে সৰিয়হৰ বীজ৷ অন্যহাতে, মন্ত্ৰী অতুল বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে যুৱক সকলে কয় যে এনেকৈ যদি মিঠাতেলৰ মূল্যবৃদ্ধি কৰি গৈ থাকে, তেন্তে পৰৱৰ্তী সময়ত মিঠাতেল ডাক্তৰে ঔষধ হিচাপে ৰোগীক প্ৰেচক্ৰাইব কৰিব আৰু পুৱা-গধূলি দুচামোচকৈ খাবলৈ পৰামৰ্শ দিব। এই কৰ্মোদ্যমী যুৱক সকলে মূল্যবৃদ্ধিকলৈ সৰ্বসাধাৰণ ৰাইজক ইতিকিং কৰা মন্ত্ৰীক প্ৰত্যুত্তৰ দিবলৈ ওলাই আহক ৰাইজে একে মূখে প্ৰশংসা কৰিছে।