শুকুৰবাৰে ৰাজ্যত হ্ৰাস পাইছে ক’ভিড আক্রান্তৰ সংখ্যা

In ৰাজ্য
Umra Package

গুৱাহাটী : প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাই আছে ক’ভিড আক্রান্তৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত ৰাজ্যত ৬ হাজাৰ ৮৯৭ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত। মৃত্যুৰ হৈছে ১৫ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ২ হাজাৰ ৯৭৯ জন। বৃহস্পতিবাৰৰ তুলনাত শুকুৰবাৰে ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও ক’ভিড ৰোগীৰ মৃত্যু সংখ্যা বৃদ্ধি পাইছে।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ ১২.১৩ শতাংশ। শুকুৰবাৰৰ দিনটোত ৰাজ্যত মুঠ ৫৬ হাজাৰ ৮৪৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৬ হাজাৰ ৮৯৭ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ১৫ জন ক’ভিড আক্রান্ত লোক।

শুকুৰবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ২ হাজাৰ ৯৭৯ জন। শুকুৰবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ১ হাজাৰ ৬৬১ জন লোক কামৰূপ মহানগৰ জিলাত শুকুৰবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়। কামৰূপ মহানগৰ জিলাৰ পিছতে আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড়ত আক্রান্ত হৈছে ৩৮৫ জন লোক।

ইয়াৰ পৰিবৰ্তে যোৰহাট জিলাত ৩৭৭ জন আৰু কামৰূপ গ্ৰাম্য জিলাত ৩৪০ জন লোক আক্রান্ত হৈছে। শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ভিডত মৃত্যু হোৱা ১৫ জনৰ ভিতৰত ৩ জন লোক কামৰূপ মহানগৰ জিলাৰ, ২ জনকৈ লোক বৰপেটা, ডিব্ৰুগড়, হাইলাকান্দি জিলাৰ আৰু ১ জনকৈ লোক যোৰহাট, কাৰ্বি আংলং, লখিমপুৰ, নগাঁও জিলাৰ।

You may also read!

Sukur Ali : শুকুৰ আলীক লপা-থপা দি আৰক্ষীক গতাই দিলে ৰাইজে

Basiruddin Ahmed  ধুবুৰী : (Sukur Ali) শুকুৰ আলী বিপদত। ধন আত্মসাৎ কৰি বিপদত পৰিছে শুকুৰ আলী। কেইবাঘণ্টা ধৰি ৰাইজে আটক

Read More...

Salon Azure : গুৱাহাটীত মুকলি হ’ল আমেৰিকাৰ চেলুন ব্ৰেণ্ড আজুৰৰ প্ৰথমটো আউটলেট

গুৱাহাটী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বনামধন্য আন্তঃৰাষ্ট্ৰীয় চেলুন ব্ৰেণ্ড, চেলুন আজুৰে (Salon Azure) ২৭ নৱেম্বৰত গুৱাহাটীৰ উলুবাৰীত পূব ভাৰতৰ প্ৰথমটো

Read More...

Deepor Beel : দীপৰ বিলে হেৰুৱাবলৈ ধৰিছে ৰামচাৰ ক্ষেত্ৰৰ বৈশিষ্ট্য সমূহ

Shivani Saikia গুৱাহাটী : ২০০২ চনৰ নৱেম্বৰ মাহত দীপৰ বিলে ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। দীপৰ বিলে অসমৰ একমাত্ৰ

Read More...

Mobile Sliding Menu