আমিনগাঁও : কামৰূপ জিলাত বনভোজথলীসমূহ বন্ধ ৰখাৰ আদেশ জাৰি। বৰ্তমানৰ ক’ভিড ১৯ ৰ বৰ্দ্ধিত সংক্ৰমণ আৰু ৰাইজৰ মাজত ক’ভিড ১৯ সম্বন্ধীয় নীতি-নিৰ্দেশনা যেনে দূৰত্ব বজাই ৰখা, মাস্ক পিন্ধা আদি কঠোৰভাৱে মানি নচলাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ কৈলাশ কাৰ্তিক এনে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ অধীনত জিলাখনৰ বনভোজথলীসমূহ বন্ধ ৰাখিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে।

তৎকালীনভাৱে শুকুৰবাৰ অৰ্থাৎ ২১ জানুৱাৰী ২০২২ ৰ পৰা বলবৎ হোৱা এই নিৰ্দেশনা অনুসৰি জিলাখনৰ উকিয়াম, কুলশী, চানডুবি, বাৰেগাঁও, ৰাণীখামাৰ, কপিলী, কেদাৰ, দীর্ঘেশ্বৰী, মদন কামদেৱ, মলং শিলডুবি হহুৱাপাৰাকে ধৰি জিলাখনৰ সকলো বনভোজথলী পুনৰ নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব। এই নিৰ্দেশনা উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ ৫১ ৰ পৰা ৬০ দফাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত বিহীত ব্যৱস্থা লোৱা হ’ব।

উল্লেখ্য যে ৰাজ্যত নৱ বৰ্ষৰ পৰাই ক’ভিডৰ সংক্ৰমণ অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। বিগত কিছুদিন ধৰি ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ দ্ৰুত গতিত উৰ্ধগামী হৈ আছে। অৱশ্যে শুকুৰবাৰে ৰাজ্যত কিছু হ্ৰাস পাইছে ক’ভিড সংক্ৰমণৰ হাৰ। শুকুৰবাৰৰ দিনটোত ৰাজ্যত ৬ হাজাৰ ৮৯৭ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। শুকুৰবাৰে ৰাজ্যত মৃত্যু হৈছে ১৫ জনকৈ ক’ভিড ৰোগীৰ।