মৰিগাঁও : অসম চৰকাৰৰ তথ্য, জনসংযোগ, জলসম্পদ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মৰিগাঁও জিলাৰ ঐতিহাসিক জোনবিল মেলাত উপস্থিত থাকি গোভা ৰজা দীপচিং দেওৰজা সহিতে ১৮ গৰাকী সন্মানীয় তিৱা ৰজাক সম্বৰ্ধনা জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ হৈ এক লাখ টকাকৈ ৰাজভাট্টাৰ চেক বিতৰণ কৰে। লগতে মন্ত্ৰীগৰাকীয়ে ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অতিথি আৰু সংগ্ৰহালয় গৃহৰ উন্মোচন কৰে।

ৰাজ্য চৰকাৰৰ ক’ভিড বিধি মানি অনুষ্টুপীয়াকৈ আয়োজিত জোনবিল মেলাত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে জোনবিল মেলা হৈছে আমাৰ তিৱা সম্প্ৰদায়ৰ গৌৰৱ আৰু আমাৰ সংস্কৃতিৰ এক অন্যতম অনুষ্ঠান। জোনবিল মেলাৰ বিনিময় প্ৰথাৰ ঐতিহাসিক গুৰুত্বৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ ঐতিহ্য আৰু সংস্কৃতিক কেতিয়াও উপেক্ষা কৰিব নোৱাৰো। ৰজা জোঙাল বলহুৰ শৌৰ্য-বীৰ্যৰ কথা সোৱঁৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই শৌৰ্য বীৰ্যৰ ধাৰাবাহিকতা আজিও তিৱাসকলে ৰক্ষা কৰি আহিবলৈ সক্ষম হৈছে। 

আনহাতে বিগত সময়ত তিৱা ৰজাসকলক বছৰি ৬০ হাজাৰ টকাৰ ভাট্টা দি অহাৰ বিপৰীতে এই বৰ্ষৰপৰা তেঁওলোকক বছৰি ১ লাখকৈ ৰাজভাট্টা দিয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ জোনবিল মেলা বাতিল কৰা হৈছিল যদিও অনুষ্টুপীয়াকৈ এই ঐতিহাসিক মেলাৰ আয়োজন কৰা হৈছে। প্ৰায় ১৫০ লোকৰ অংশগ্ৰহণেৰে‌ জাগীৰোডৰ জোনবিলৰ পাৰত ঐতিহাসিক জোনবিল মেলাৰ পৰম্পৰা ৰক্ষা কৰা হৈছে।