গুৱাহাটী : সোমবাৰৰ দিনটোত ৰাজ্যত ৬ হাজাৰ ৯৮২ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত। মৃত্যুৰ হৈছে ১১ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ২ হাজাৰ ২৮১ জন। দেওবাৰৰ তুলনাত সোমবাৰে ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। সোমবাৰৰ দিনটোত ৰাজ্যত ১০.৭৫ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। সোমবাৰৰ দিনটোত ৰাজ্যত মুঠ ৬৪ হাজাৰ ৯১৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৬ হাজাৰ ৯৮২ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ১১ জন ক’ভিড আক্রান্ত লোক। সোমবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ২ হাজাৰ ২৮১ জন। সোমাবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ১ হাজাৰ ৪৯১ জন লোক কামৰূপ মহানগৰ জিলাত সোমবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়।

কামৰূপ মহানগৰ জিলাৰ পিছতে আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড়ত আক্রান্ত হৈছে ৪৮৯ জন লোক। ইয়াৰ পৰিবৰ্তে তিনিচুকীয়া জিলাত ৪০৭ জন আৰু কাছাৰ জিলাত ৩৭২ জন লোক আক্রান্ত হৈছে। মৃত্যুৰ মুখৰ পৰা ১১ জনৰ ভিতৰত ২ জনকৈ লোক কামৰূপ মহানগৰ, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ। আনহাতে ১ জনকৈ লোক ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, যোৰহাট আৰু তিনিচুকীয়া জিলাৰ।