গৰ্গ জ্যোতি দাস

অভয়াপুৰী : অভয়াপুৰীত ভয়ংকৰ পথ দুর্ঘটনা। কয়লা ভৰ্তি ট্ৰাক আৰু বাইকৰ মাজত মুখামুখি সংঘর্ষ। থিতাতে নিহত এজন বাইক আৰোহী। আহত এজনক চিকিৎসালয়লৈ প্ৰেৰণ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সিদলসতীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন কয়লা ভৰ্তি ট্ৰাক আৰু বাইকৰ মাজত হোৱা মুখামুখি সংঘর্ষত এজন বাইক আৰোহী থিতাতে নিহত হয়।

এই ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হোৱা আন এজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তুলুঙীয়া দিশৰ পৰা আহি থক জেএইচ-১০-চিভি-৫৯৪২ নম্বৰৰ কয়লা ভৰ্তি ট্ৰাকৰ লগত এএছ-১৯-এল-৭৫৮৩ নম্বৰৰ বাইকৰ মুখামুখি সংঘর্ষ লগে।

পথ দুর্ঘটনাটোত থিততে নিহত হোৱা বাইক আৰোহীজন হৰিৰচৰৰ মহাবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। আনহাতে গুৰুত্বৰভাৱে আহত হোৱা আনজন লোকৰ পৰিচয় জানিব পৰা হোৱা নাই। আহত লোকজনক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।