গুৱাহাটী : সন্দেহজনক ম্যানমাৰৰ নাগৰিকৰ হাতত উদ্ধাৰ ভুৱা ভাৰতীয় ভোটাৰ আৰু আধাৰ কাৰ্ড। মিজোৰামৰ ৰাজধানী আইজলৰ ঠিকনাত ভুৱা নথি পত্ৰ প্ৰস্তুত কৰি ভুৱা ভাৰতীয় ভোটাৰ আৰু আধাৰ কাৰ্ড প্ৰস্তুত ম্যানমাৰৰ নাগৰিকৰ।

আইজলৰ মহাবিদ্যালয়ৰ পৰিচয় পত্ৰও উদ্ধাৰ হৈছে সন্দেহজনক ম্যানমাৰৰ নাগৰিকৰ হাতত। দেওবাৰে মহানগৰীৰ পল্টন বজাৰস্থিত কামৰূপা ল’জত পল্টন বজাৰ আৰক্ষীয়ে অভিযান চলাই ২৬ জনকৈ সন্দেহজনক ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰে।

সন্দেহজনক ম্যানমাৰৰ নাগৰিক কেইজনে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি মিজোৰামৰ ৰাজধানী আইজলৰ ঠিকনাত ভুৱা ভাৰতীয় ভোটাৰ আৰু আধাৰ কাৰ্ড প্ৰস্তুত কৰা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহে। সন্দেহজনক ম্যানমাৰৰ নাগৰিক কেইজন দিল্লীলৈ যোৱাৰ বাবে পল্টন বজাৰৰ কামৰূপ ল’জত বাহৰ পাতিছিল।

পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দেহজনক ম্যানমাৰৰ নাগৰিক কেইজনৰ ভিতৰত ১৬ জনকৈ পুৰুষ থাকৰ পৰিবৰ্তে ১০ গৰাকী মহিলা আছে। ধৃত সন্দেহজনক ম্যানমাৰৰ নাগৰিক কেইজনৰ কবলৰ পৰা আৰক্ষীয়ে ভুৱা ভাৰতীয় ভোটাৰ আৰু আধাৰ কাৰ্ডৰ লগতে আইজলৰ এখন মহাবিদ্যালয়ৰ পৰিচয় পত্ৰও গ্ৰেপ্তাৰ হোৱা সন্দেহজনক সন্দেহজনক ম্যানমাৰৰ লোক কেইগৰাকীৰ হাতৰ পৰা উদ্ধাৰ কৰিছে।