কাছাৰ, ২৬ ছেপ্টেম্বৰf, ২০২৩ : এইবাৰ ৰে’লত জব্দ বিৰল প্ৰজাতিৰ কাছ (Tortoise)। ৭৪ টাকৈ বিৰল প্ৰজাতিৰ কাছসহ আটক হৈছে দুজন বন্যপ্ৰাণী সৰবৰাহকাৰী। আটকাধীন বন্যপ্ৰাণী সৰবৰাহকাৰী দুজন মিজোৰামৰ বাসিন্ধা। কাছ কেইটালৈ বন্যপ্ৰাণী সৰবৰাহকাৰী দুজন ৰে’লযোগে শিলচৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। তিনিটা বেগত ভৰাই আনিছিল বিৰল প্ৰজাতিৰ কাছ কেইটা।

বন্যপ্ৰাণী সৰবৰাহকাৰীৰ কবলৰ পৰা জব্দ ৭৪ টাকৈ বিৰল প্ৰজাতিৰ কাছ জব্দ কৰা হৈছে। ৰে’লৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে বিৰল প্ৰজাতিৰ কাছ কেইটা। সোমবাৰে নিশাৰ লামডিং ৰে’ল জংছনৰ ৰে’লৱে সুৰক্ষা বাহিনী আৰু চি আই বিৰ এটা দলে লামডিং ৰে’ল জংছনত কাঞ্চনজংঘা ৰে’লত তালাচী চলাই ৭৪ টাকৈ বিৰল প্ৰজাতিৰ কাছ জব্দ কৰাৰ লগতে দুজন বন্যপ্ৰাণী সৰবৰাহকাৰীক আটক কৰে। বন্যপ্ৰাণী সৰবৰাহকাৰী দুজন মিজোৰামৰ লিয়ানচানপিয়া আৰু লালছুৱানলিনা বুলি জানিব পৰা গৈছে।

মিজোৰামৰ বন্যপ্ৰাণী সৰবৰাহকাৰী দুজন তিনিটা বেগত লুকুৱাই নামনিমুৱা আগৰতলা-শিয়ালদাহ কাঞ্চনজংঘা ৰে’লযোগে শিলচৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বুলি জেৰাত স্বীকাৰ কৰে। সোমবাৰে নিশা প্ৰায় ৮.৩০ বজাত নামনিমুৱা আগৰতলা-শিয়ালদাহ কাঞ্চনজংঘা ৰে’লখন লামডিং জংছনত উপস্থিত হোৱাত ৰে’লৱে সুৰক্ষা বাহিনী আৰু চি আই বিৰ এটা দলে তালাচী অভিযান চলাই বিৰল প্ৰজাতিৰ কাছ কেইটা জব্দ কৰে। জব্দ হোৱা বিৰল প্ৰজাতিৰ কাছ কেইটা লামডিং বন বিভাগক গতাই দিয়া হৈছে।

উল্লেখ্য যে সোমবাৰে কাছাৰৰ লাইলাপুৰত আৰক্ষীৰ অভিযানত জব্দ হৈছিল ৭ টাকৈ দুষ্প্ৰাপ্য জন্তু। ১ টা পানামাৰ বগা মুখৰ কেপুচিন, ৪ টা ব্লেক মেকাক আৰু ২ টা অপ’ছামসহ জালত পৰিছিল মিজোৰামৰ ৫ জনকৈ বন্যপ্ৰাণী সৰবৰাহকাৰী। শেহতীয়াকৈ উত্তৰ পূবৰ মাজেৰে ড্ৰাগছৰ লাগতে বিভিন্ন প্ৰকাৰৰ অবৈধ সামগ্ৰীৰ আৰু বন্যপ্ৰাণী সৰবৰাহ ঘটনা ব্যাপক হাৰত বৃদ্ধি পাইছে। স্থলপথত আৰক্ষীৰ অভিযান অধিক তীব্রতৰ হোৱাত সৰবৰাহকাৰী সকলে ৰে’লযোগে নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ চেষ্টা চলাই আছে।

বিভিন্ন সময়ত অসমত ৰে’ল আৰক্ষী অভিযান চলাই ৰে’লযোগে অবৈধভাৱে সৰবৰাহ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী জব্দ কৰা পৰিলক্ষিত হয়। উত্তৰ পূবৰ মাজেৰে বন্যপ্ৰাণী সৰবৰাহকাৰী সকলে বিভিন্ন প্ৰকাৰৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী সৰবৰাহ কৰাৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। পুৰ্বেও অসমত বিদেশৰ পৰা সৰবৰাহ কৰা দুষ্প্ৰাপ্য জন্তু জব্দ কৰা হৈছিল। কিছুদিন পুর্বে চুবুৰীয়া ৰাজ্য মিজোৰামত জব্দ কৰা হৈছিল ১৪০ টা দুষ্প্ৰাপ্য জন্তু। মিজোৰামৰ চম্পাই জিলাত তিনিখন বাহনেৰে সৰবৰাহ কৰি থাকোতে বাহন তিনিখনৰ পৰা ১৪০ টা দুষ্প্ৰাপ্য জন্তু জব্দ কৰা হৈছিল।