লখিমপুৰ, ২৬ ছেপ্টেম্বৰ, ২০২৩ : পানীৰ টেংকীত লুকুৱাই ৰাখিছিল ২০ লাখ টকাৰ নকল নোট (20 Lakh Fake Currency)। আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে নকল নোটখিনি। এজন ব্যৱসায়ীৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে। আটক ব্যৱসায়ীজনৰ লগতে নকল নোটৰ বেহাৰ লগত জড়িত কেইবাজনো লোক। আৰক্ষীৰ অভিযান অব্যাহত আছে।

লখিমপুৰত নকল টকাৰ উজান উঠিছে। বৃহৎ পৰিমাণৰ নকল টকাৰ উজান উঠিছে লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীত। বঙালমৰা আৰক্ষীয়ে সোমবাৰে নিশাৰ ভাগত এক অভিযান চলাই এই বৃহৎ পৰিমাণৰ জাল টকা জব্দ কৰিবলৈ সক্ষম হৈছে। ২০ লক্ষাধিক টকাৰ জাল নোটসহ এজন ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰিছে বঙালমৰা আৰক্ষীয়ে। এক গোপন খবৰৰ ভিত্তিত সোমাবাৰে নিশাৰ ভাগত বঙালমৰা আৰক্ষীয়ে ১ নং আহমেদপুৰৰ ইমদাদুল ইছলাম নামৰ এজন ব্যৱসায়ীৰ ঘৰত অভিযান চলাই এই বৃহৎ পৰিমাণৰ নকল নোট জব্দ কৰে।

ইমদাদুল ইছলামে ঘৰৰ পানীৰ টেংকীত লুকুৱাই ৰাখিছিল এই নকল নোটখিনি। বঙালমৰা আৰক্ষীয়ে অভিযান চলাই পানীৰ টেংকীৰ পৰা জব্দ কৰে নকল নোটখিনি। ব্যৱসায়ী ইমদাদুল ইছলামৰ ঘৰৰ লগতে বঙালমৰা আৰক্ষীয়ে নিশা বঙালমৰাৰ মিৰি গাঁৱৰ গুলজাৰ হুছেইন, ৰিয়াজুল‌ ইছলাম আৰু ফাইজুল ইছলামৰ ঘৰত নকল টকা বিছাৰি অভিযান চলাইছিল যদিও সুযোগ বুজি গুলজাৰ হুছেইন, ৰিয়াজুল‌ ইছলাম আৰু ফাইজুল ইছলামৰ পলাই যাবলৈ সক্ষম হয়।

পুৱতি নিশাৰ ভাগত বঙালমৰা আৰক্ষীয়ে ২ নং সোনাপুৰত অভিযান চলাই নকল টকাৰ বেহাৰ লগত জড়িত ছাহজাহান আলী নামৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে ইমদাদুল ইছলাম, ৰিয়াজুল ইছলাম, ফাইজুল ইছলাম, গুলজাৰ হুছেইনৰ গেং এটাই দীর্ঘদিন ধৰি গুৱাহাটীত নকল টকাৰ ব্যৱসায় চলাই আহিছে। লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই সন্দৰ্ভত তথ্য লাভ কৰিছিল আৰু আনন্দ মিশ্ৰৰ নিৰ্দেশতে সোমবাৰে নিশাৰ ভাগত নকল টকা ব্যৱসায়ীৰ বিৰুদ্ধে চলিছিল আৰক্ষীৰ ধাৰাবাহিক অভিযান।

নকল টকাৰ গেংটোৰ বিৰুদ্ধে বিহপুৰীয়া, বঙালমৰা আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে লখিমপুৰৰ বিভিন্ন অঞ্চলৰ পৰা দীর্ঘদিন ধৰি নকল টকা আৰু নকল সোণৰ এক ব্যৱসায়ী চলি আছে। আৰক্ষী বিষয়া জোনমনি ৰাভাৰ মৃত্যুৰ পিছতে লখিমপুৰৰ নকল টকা আৰু নকল সোণৰ ব্যবসায়ৰ চক্ৰটোৰ কথা পোহৰলৈ আহিছিল। শেহতীয়াকৈ আৰক্ষীয়ে এই চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই কেইবাটাও সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।