গুৱাহাটী : মঙলবাৰৰ দিনটোত ৰাজ্যত ৮ হাজাৰ ৭২ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত। মৃত্যুৰ হৈছে ১৬ জনকৈ ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ২ হাজাৰ ৪৪৪ জন। সোমবাৰৰ তুলনাত মঙলবাৰে ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা।

ৰাজ্যত অধিক ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। মঙলবাৰৰ দিনটোত ৰাজ্যত ১২.৬২ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। মঙলবাবাৰৰ দিনটোত ৰাজ্যত মুঠ ৬৩ হাজাৰ ৯৪৪ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৮ হাজাৰ ৭২ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি।

আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ১৬ জন ক’ভিড আক্রান্ত লোক। মঙলবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ২ হাজাৰ ৪৪৪ জন। মঙলবাৰৰ দিনটোত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ১ হাজাৰ ৯৯৬ জন লোক কামৰূপ মহানগৰ জিলাত মাংলবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়।

কামৰূপ মহানগৰ জিলাৰ পিছতে আছে ডিব্ৰুগড় জিলা। ডিব্ৰুগড়ত আক্রান্ত হৈছে ৫৫১ জন লোক। ইয়াৰ পৰিবৰ্তে কাছাৰ জিলাত ৪৭৪ জন আৰু যোৰহাট জিলাত ৪৭০ জন লোক আক্রান্ত হৈছে। মৃত্যুৰ মুখৰ পৰা ১৬ জনৰ ভিতৰত ৬ জন লোক কাছাৰ জিলাৰ, ২ জনকৈ লোক গোলাঘাট আৰু কামৰূপ মহানগৰ জিলাৰ আৰু ১ জনকৈ লোক ডিব্ৰুগড়, নালবাৰী, যোৰহাট, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ।