গুৱাহাটী : মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় কেইবা লক্ষাধিক টকাৰ সম্পত্তি। তিনিটাকৈ পৰিয়ালৰ ঘৰৰ লগতে কেইবাখনো দোকান ভস্মীভূত হয় এই অগ্নিকাণ্ডত।

মঙলবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীৰ কালাপাহাৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড। এখন গেৰেজৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।

গেৰেজখনৰ পৰা জুইৰ লেলিহান শিখা ক্ষন্তেক সময়তে গেৰেজখনৰ কাষত থকা অন্য দোকান সমূহৰ লগতে তিনিটাকৈ পৰিয়ালৰ ঘৰলৈ বিয়পি পৰে। অগ্নিকাণ্ডত তিনিটাকৈ পৰিয়ালৰ ঘৰ আৰু কেইবাখনো দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডত বালজি নামৰ মৰাপাটৰ গুদামখনো ভস্মীভূত হয়। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ ১২ খনকৈ গাড়ী উপস্থিত হৈছে দীর্ঘসময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হয়।