ভাস্কৰজ্যোতি মহন্ত

নিজৰা : ঐতিহাসিক বিধস্ত নগা আলি নিৰ্মাণৰ দাবীত প্ৰতিবাদ নাজিৰাৰ নগা আলিবাসীৰ। নাজিৰা নগা আলিৰ বিধ্বস্ত ৰূপটোৱে বছৰ বছৰ ধৰি ৰাইজক জলাকলা খোৱাইছে।নগা আলিৰ বিধ্বস্ত অৱস্থা বাবে ৰাইজ তথা নাজিৰাৰ বিভিন্ন দল-সংগঠন ক্ষোভিত হৈ পৰিছে। প্ৰতিবাদত অংশগ্ৰহণ বিধায়ক দেৱব্ৰত শইকীয়াৰ।

ৰাইজ তথা নাজিৰাৰ বিভিন্ন দল-সংগঠন এতিয়া কাষ চাপিছে প্ৰশাসনৰ। গড়কাপ্তানী বিভাগক বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষ ও চৰকাৰৰ। বৃহত্তৰ অঞ্চল আৱৰি থকা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো ৰাইজৰে অহা যোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে এই পথটোৱে।

গড়কাপ্তানী বিভাগ ও চৰকাৰৰ নিৰ্লিপ্ত ভুমিকা গ্ৰহণ কৰাক লৈ ক্ষোভিত ৰাইজে ৪ কিলোমিটাৰ ধৰি খোজকাঢ়ি প্ৰতিবাদ সাব্যস্ত কৰে। নাজিৰাস্থিত গড়কাপ্তানী বিভাগৰ কাৰ্যালয় আৰু মহকুমাধিপতিৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰী ৰাইজে। এই প্ৰতিবাদী কাৰ্যসূচীত ৰাইজৰ সৈতে সহযোগিতা আগবঢ়ায় নাজিৰা বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।