গুৱাহাটী : দেওবাৰৰ দিনটোত অসমত ক’ভিডত আক্রান্ত হৈছে ৯৮৮ জন লোক। ২৪ ঘণ্টাত আক্রান্তৰ হাৰ প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে অসমত। মৃত্যুৰ হৈছে ১ জন ক’ভিড ৰোগীৰ। ইয়াৰ পৰিবৰ্তে দেওবাৰৰ দিনটোত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৪৪৮ জন।

ক্ৰমাৎ ভয়াবহভাৱে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰৰ তুলনাত দেওবাৰে ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। দেওবাৰে ৰাজ্যত ৬.৪৮ শতাংশলৈ বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ।

দেওবাৰৰ দিনটোত ৰাজ্যত মুঠ ১৫ হাজাৰ ২৩৮ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে ৯৮৮ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিতি। আনহাতে এই সময়ছোৱাত ৰাজ্যত মৃত্যুৰ মুখত পৰে ১ জন ক’ভিড আক্রান্ত লোক।

দেওবাৰে ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৪৪৮ জন। দেওবাৰে সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে কামৰূপ মহানগৰ জিলাত। ৪৯০ জন লোক কামৰূপ মহানগৰ জিলাত দেওবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হয়।

কামৰূপ মহানগৰ জিলাৰ পিছতে আছে যোৰহাট জিলা। যোৰহাটত আক্রান্ত হৈছে ৯২ জন লোক। ইয়াৰ পৰিবৰ্তে কাছাৰত ৫৫ জন আৰু ডিব্ৰুগড়ত ৫০ জন লোক আক্রান্ত হৈছে। শনিবাৰে ৰাজ্যত আক্রান্ত হৈছিল ১ হাজাৰ ২৫৪ জন লোক।

শনিবাৰে ৰাজ্যত ৩৩ হাজাৰ ৬০৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ১ হাজাৰ ২৫৪ জনৰ শৰীৰত ধৰা পৰিছিল ক’ভিডৰ অৱস্থিতি। শনিবাৰে ৰাজ্যত সংক্ৰমণৰ হাৰ আছিল ৩.৭৩ শতাংশ। শনিবাৰৰ দিনটোত মৃত্যুৰ সংখ্যা আছিল ২ জন।