মানকাচৰ : মানকাচৰত ভয়ংকৰ পথ দুর্ঘটনা। এখন নৈশ বাছ দুর্ঘটনাগ্ৰস্ত হৈছে মানকাচৰত। পথ দুর্ঘটনাত আহত হৈছে ৩০ জনকৈ যাত্ৰী। আহত যাত্ৰী সকলক চিকিৎসালয়লৈ প্ৰেৰণ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। মানকাচৰৰ মানুল্যাপাৰাত সংঘটিত হৈছে এই দুর্ঘটনা। এখন নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে মানকাচৰৰ মানুল্যাপাৰাত।

এ এছ-০১-এমচি-২৯৮৭ নম্বৰৰ এখন নৈশ বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে। ফলত আহত হৈছে নৈশ বাছখনত থকা ৩০ জনকৈ যাত্ৰী। স্থানীয় ৰাইজে আহত যাত্ৰী সকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুর্ঘটনাগ্ৰস্ত হোৱা বাছখনৰ নাম মহাব্বত। মানকাচৰৰ বাঘাপাৰাৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰীলৈ ৰাওনা হোৱাৰ পিছতে বাছখন পথৰ পৰা বাগৰি পৰে। প্ৰায় ১২ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছত বাছখন দুৰ্ঘটনাগ্ৰস্ত হয়।