জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড। সন্দেহজনক চোৰাং চিকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰি নেজ আৰু ছাল কাটি লৈ গ’ল বনাঞ্চলখনত থকা অতি বিৰল প্ৰজাতিৰ ৫ টাকৈ টুপী মুৰীয়া বান্দৰৰ। সম্প্ৰতি এই নৃশংস ঘটনা পোহৰলৈ অহাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

জানিব পৰা মতে বিহালী সংৰক্ষিত বনাঞ্চলখনৰ জীৱ জন্তুৰ ওপৰত গৱেষণা চলাই থকা এটা দলে যোৱা ৪ জানুৱাৰীত বনাঞ্চলখনৰ ৰঙাগড়া বীট অফিচৰ পৰা প্ৰায় ১.৫ কিলোমিটাৰ নিলগত প্ৰত্যক্ষ কৰে টুপী মুৰীয়া বান্দৰৰ ৫ টাকৈ জঁকা। হাতীডিপু বনভোজস্থলীলৈ যোৱাৰ পথত নেজ আৰু ছাল নথকা এই জঁকা সমূহ দেখি গৱেষণা চলাই থকা দলটোৱে বন বিভাগক অৱগত কৰাত বন বিভাগে উদ্ধাৰ কৰে টুপী মুৰীয়া বান্দৰৰ জঁকা সমূহ।

সম্প্ৰতি বন বিভাগে এই জঁকা সমূহ ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ইফালে এই নিকৃষ্ট কাণ্ড বনাঞ্চলখনত চোৰাং চিকাৰীয়ে সংঘটিত কৰিছে বুলি বিহালীৰ নেচাৰ্ছ বন্যপ্ৰাণ সন্থা আৰু গৱেষণা কৰা ছাত্ৰ সকলে সন্দেহ কৰিছে। আনহাতে এটা জঁকাৰ লাওখোলাত থকা এটা ফুটা থকাৰ প্ৰত্যক্ষ কৰাত চোৰাং চিকাৰীয়ে এই কাণ্ড গুলী ফুটাই সংঘটিত কৰিছে বুলি সন্দেহ কৰিছে গৱেষণা কৰি থকা ছাত্ৰ সকলে।

আনহাতে বিৰল প্ৰজাতিৰ এই টুপী মুৰীয়া বান্দৰৰ নেজ আৰু ছালৰ চোৰাং বজাৰত অধিক মূল্য থকাৰ বাবেই এই কাণ্ড সংঘটিত কৰিছে বুলি সন্দেহ কৰাৰ লগতে চোৰাং চিকাৰীয়ে বান্দৰ সমূহ হত্যা কৰি মুৰটো জ্বলাই দিছে বুলি জানিবলৈ দিছে গৱেষণা কৰা দলটোৱে। কিছুদিন পূৰ্বে বনাঞ্চলখনৰ গছে গছে বিচৰণ কৰি থকা এই টুপী মুৰীয়া বান্দৰৰ ৫ টাৰ মৃত্যুত ব্যথিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী সংগঠন আৰু ব্যক্তি।