জাগীৰোড, সংবাদ ৩৬৫, ৫ আগষ্টঃ বিগত দুটা বছৰে কেবল আশ্বাস প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰে৷ পৰিৱৰ্তনকামী কেন্দ্ৰীয় আৰু ৰাজ্য বিজেপি চৰকাৰখনে  বাৰেপ্ৰতি নগাওঁ-কাছাৰ কাগজ কলক প্ৰতাৰনা কৰি আহিছে৷ তাৰেই প্ৰতিবাদত এইবেলি স্বাধীনতা দিৱস বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে কল দুটাৰ কৰ্মচাৰীয়ে৷ হিন্দুস্থান কাগজ নিগমৰ অধিনস্থ জাগীৰোডৰ নগাওঁ কাগজ কল আৰু কাছাৰ কাগজ কল পূনৰ কাৰ্যক্ষম কৰা হব বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেয়া ফুটুকাৰ ফেনত পৰিনত হৈছে৷ যাৰ ফলত দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কলদুটাৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে৷ স্বাধীনতা দিৱসৰ দিনা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ১৭ আগষ্টত জাগীৰোডত ৪ ঘন্টীয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৰূপায়ন কৰিব৷ শনিবাৰে জাগীৰোডত আয়োজন কৰা এক সংবাদ মেল পাতি নগাওঁ আৰু কাছাৰ কাগজ কলৰ কৰ্মী ইউনিয়নে সদৰী কৰে যে ইয়াৰ পিছতো যদি চৰকাৰে কল দুটা কাৰ্যক্ষম কৰাৰ কোনো ব্যৱস্থা নকৰে তেন্তে অনিৰ্দিষ্টকালীন আমৰণ অনশনৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সাজু হৈছে কৰ্মচাৰী সকল৷ আনহাতে প্ৰয়োজন সাপেক্ষে আত্মজাহ দিয়াৰো হুংকাৰ প্ৰদান কৰিছে ভূক্তভোগী কৰ্মচাৰী সকলে৷