কলগাছিয়া, সংবাদ ৩৬৫, ১৮ ছেপ্টেম্বৰ: কলগাছিয়াত বেঁকী নৈৰ খহনীয়া সম্প্ৰতিও অব্যাহত। বেঁকী নৈৰ খহনীয়াৰ বাবে কলগাছিয়াত ইখনৰ পিছত সিখন বিদ্যালয় খহনীয়াত জাহ যাবলৈ আৰম্ভ কৰিছে। কিছুদিন পূৰ্বে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওঁপুৰত বেঁকী নৈৰ বিধ্বংসী খহনীয়াত ১২৪৭ পূব শওঁপুৰ প্ৰাথমিক বিদ্যালয় জাহ যোৱাৰ পিছত মঙ্গলবাৰে বেঁকী নৈত জাহ গল ১০২৬ নং গুইলেজা চৰ প্ৰাথমিক বিদ্যালয়ৰ এটা শ্ৰেণীকোঠা জাহ যায়। যাৰ ফলত ৭৪ জন ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। যোৱা শনিবাৰৰ পৰা হৈ থকা বিধ্বংসী খহনীয়াত বিদ্যালয়খনৰ এটা শ্ৰেণীকোঠা ইতিমধ্যে বেঁকী নৈৰ বুকুত জাহ গৈছে আৰু মূল বিদ্যালয়ৰ শ্ৰেণীকোঠা জাহ যাবলৈ ৩-৪ মিটাৰ বাকী আছে যদিও এইদৰে খহনীয়া অব্যাহত থাকিলে মঙ্গলবাৰৰ ভিতৰতে মূল বিদ্যালয়ৰ শ্ৰেণীকোঠাও বেঁকী নৈত জাহ যাব। ইয়াৰ উপৰিও চৰচৰিয়া, কাউৰজাহি, শওঁপুৰ আদি অঞ্চলতো বেঁকী নৈৰ ব্যাপক খহনীয়াত কেইবাটাও পৰিয়ালৰ মাটি-বাৰী বেঁকী নৈত জাহ গৈছে। কিন্তু তাৰ পাছতো কুম্ভকৰ্ণ নিদ্ৰাত বৰপেটা জিলা প্ৰশাসন, স্থানীয় বিধায়ক আব্দুল খালেক আৰু জলসম্পদ বিভাগ।