বৰপেটা, সংবাদ ৩৬৫, ২৫ ডিচেম্বৰ: খ্ৰীষ্টান ধৰ্মৰ লোকসকলে আজিৰ দিনটো পৱিত্ৰ বৰদিন হিচাপে পালন কৰে। সমগ্ৰ বিশ্বৰ লগতে খ্ৰীষ্টান ধৰ্মবলম্বী লোকসকলে মঙ্গলবাৰৰ দিনটো পবিত্র বৰদিন হিচাপে দিনজোৰা কায্যসূচিৰে উদযাপন কৰে। ঠিক অনুৰূপ ধৰণে নামনি অসমৰ বাণিজ্য প্ৰধান চহৰৰ মিছন ৰোডৰ ঐতিহাসিক ১৯৬২ বৰ্ষত স্থাপন হোৱা গীৰ্জাঘৰত আজি পৱিত্ৰ বৰদিন ক্ষণত খ্ৰীষ্টান ধৰ্মৰ লোক সকলে পৱিত্ৰ বাইবেল পাঠ কৰাৰ লগতে যীশুখীষ্টক স্মৰণ কৰাৰ লগতে উপৰিও গীৰ্জাটোত নানা ধৰণৰ ৰঙীন আলোক সজ্জাৰে আটক সুন্দৰ কৈ সজাই তোলা দৃশ্যই গীৰ্জাটোত প্ৰৱেক কৰা সকলোকে যেন আকৰ্ষিত কৰি তুলিছিল ।লগতে বিয়লি ভাগৰ পৰা নিশা পৰ্যন্ত সাংস্কৃতিক অনুষ্ঠানৰে গীৰ্জাঘৰৰ চৌহদ মুখৰিত হৈ পৰে লগতে কেইবা শতাধিক লোক উপস্থিত থাকি অনুষ্ঠানটিৰ সৌন্দৰ্য বৰ্ধন কৰে।