কলগাছিয়া, সংবাদ ৩৬৫, ২৪ ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুণীয়ালগুৰিত বেকী নৈৰ মৰা সুঁতিত কোনো দুষ্ট লোকে মেচিনেৰে অবৈধ খনন চলাই আছে। অবৈধ খননৰ ফলত বেকী নৈৰ মৰা সুঁতিত ব্যাপক গৰাখহনীয়া হ’ব বুলি শংকিত হৈ পৰিছে কেইবাটাও পৰিয়াল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ বাৰিষাত বেকী নৈয়ে ভয়াৱহ ৰূপ ধাৰণ কৰি ৰাইজক তীব্ৰ সংকটত পেলাইছে। তাৰ পাছতো বেকী নৈত ছাহজাহান নামৰ এজন যুৱকে অবৈধ খনন চলাই আছে। যুৱক জনৰ এই কৰ্ম-কাণ্ডক ৰাইজে বাধা দিয়া স্বত্বেও চলাই আছে অবৈধ খনন। যাৰ বাবে এই খনন বন্ধ কৰিবলৈ কলগাছিয়া আৰক্ষী থানাত ছাহজাহানৰ বিৰুদ্ধে এক গোচৰ দিয়া হৈছে। কিন্তু তাৰ পাছতো কলগাছিয়া আৰক্ষীয়ে কোনো ব্যৱস্থা লোৱা নাই যুৱক জনৰ বিৰুদ্ধে। অতি শীঘ্ৰেই এই খনন বন্ধ কৰি ছাহজাহানৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।