দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ: শীতৰ আগমনৰ লগে লগে প্ৰায় সংখ্যক লোকৰ দেহত বিয়পি পৰিছে ভিন্ন ৰোগ। আৰু এই ৰোগৰ পৰা লোকসকল উপশম হ’বলৈ নৰ্থ ইষ্ট স্মল ফাইনাঞ্চ বেংকৰ উদ্যোগত বুধবাৰে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাৰ অমৰজ্যোতি সংঘত এক বিনামুলীয়া চিকিৎসা শিবিৰ অনুস্থিত কৰা হয়। জি এন আৰ চিৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা এই চিকিৎসা শিবিৰত বিনামুলীয়াকৈ চিকিৎসা, পৰীক্ষা আৰু ঔষধো বিতৰন কৰা হয়। বিনামুলীয়া চিকিৎসা শিবিৰত অঞ্চলটোৰ বহুতো লোক চিকিৎসাৰ বাবে ওলাই আহে। নৰ্থ ইষ্ট স্মল ফাইনাঞ্চ বেংকে এই বিনামূলীয়া চিকিৎসা শিবিৰ অনুস্থিত কৰাৰ বাবে অমৰজ্যোতি সংঘই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগলৈও এনেদৰে সামাজিক কাম কৰি যাব বুলি আশা কৰিছে ।