বহৰি, সংবাদ ৩৬৫, ২৭ জানুৱাৰী: গণৰাজ্য দিৱস উপলক্ষে ‘সংবিধান সেৱক’ৰ উদ্যোগত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোমাফুলবাৰী আঞ্চলিক, আমছুৰ বহৰি আঞ্চলিককে ধৰি আন একাংশ স্থানীয় স্বেচ্ছাসেৱী সন্থাৰ লগতে স্থানীয় বিদ্যালয় সমূহৰ ছাত্ৰ সংসদৰ সহযোগত বৰপেটাৰ গোমাফুলবাৰীত এক ব্যতিক্ৰমী ভাবে দিনজোৰা কাৰ্যসূচীৰে ‘সংবিধান সভা’ আয়োজন কৰা হয়। বহৰি অঞ্চলৰ বিশিষ্ট শিক্ষক-সমাজকৰ্মী মাইনুল হক চৌধুৰীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা-সমাজকৰ্মী শান্তনু বৰঠাকুৰ, বিশিষ্ট সংগ্ৰামী নেতা হৰেশ্বৰ বৰ্মন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলাম, বৰপেটা চাইল্ড লাইনৰ সমন্নয়ক ৰফিকুল ইছলাম আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে। দিনৰ ১ বজাৰ পৰা আৰম্ভ হোৱা আৰু এই সভাৰ অন্যতম আহ্বায়ক আশ্ৰাফুল হুছেইনে আদৰণি ভাষণ ৰখা মুকলি সভাখনত উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ আৰু বামপন্থী নেতা হৰেশ্বৰ বৰ্মনে ভাষণ প্ৰসংগত কেন্দ্ৰৰ মোডী আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰক ফেচিষ্ট আখ্যাৰে তেওঁলোকৰ শাসনে ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি তীব্ৰ সোমালোচনা কৰে। এই প্ৰেক্ষাপটতেই ভাৰতীয় সংবিধান আৰু ইয়াৰ ধৰ্মনিৰপেক্ষ বৈশিষ্টক উৰ্ধত তুলি ধৰিব লাগিব তথা ৰক্ষা কৰিব লাগিব বুলিও তেওঁলোকে কয়। নাগৰিকত্ব (সংশোধনী) বিধেয়কখনকো সংবিধান বিৰোধী আৰু অসমীয়া জাতি ধ্বংসী বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই বুলিও কয়। সংবিধান সভাৰ পূৰ্বে গণৰাজ্য দিৱস উপলক্ষে ৰাতিপুৱাৰে পৰা দক্ষিণ পূব বৰপেটা অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু বিজয়ীসকলক মুকলি সভাতে বঁটা আৰু গুণগ্ৰাহীতাৰ মানপত্ৰ প্ৰদান কৰা হয়। সংবিধান সভাৰ প্ৰতিযোগিতা সমূহৰ আকস্মিক বক্তৃতা আৰু গীত-মাত পৰিচালনা কৰে প্ৰাথমিক শিক্ষা বিস্তাৰ আন্দোলনৰ কৰ্মী নাচিৰ উদ্দিন খানে আৰু মনোগ্ৰাহী তথা অত্যাধুনিক প্ৰযুক্তিৰে কুইজ পৰিচালনা কৰে অঞ্চলটোৰে যুৱক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ মহিবুল ইছলামে। এই প্ৰসংগত সহ আয়োজক সকলৰ হৈ মনিৰ উদ্দিন খানে কয় যে, ছাত্ৰ-ছাত্ৰী তথা নাগৰিকৰ গণতান্ত্ৰিক চেতনাবোধ বৃদ্ধি আৰু বৌদ্ধিক বিকাশৰ বাবে অনাগত দিনতো এনে কাৰ্যসূচী ধাৰাবাহিক ভাবে উদযাপন কৰাৰ পৰিকল্পনা কৰা হৈ আছে।