সৰভোগ, সংবাদ ৩৬৫, ২৮ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু বৰনগৰ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত মুখ্যমন্ত্ৰী সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। শতাধিক আছুকৰ্মীয়ে প্ৰতিমূৰ্ত্তী দাহ কৰি বিজেপি আৰ এছ এছ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে বৰনগৰৰ আকাশ বতাহ। উল্লেখ্য যে দেওবাৰে নলবাৰীত গণতান্ত্ৰিকভাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা আছুকৰ্মীক বিজেপিৰ সদস্যই আক্ৰমণ কৰাৰ লগতে আছুৰ পতাকা ভৰিৰে মোহৰা কাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীসকলে।