গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মাৰ্চ : শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ কৰ্মসংস্থাপন সন্দৰ্ভত অসমৰ সংবাদ মাধ্যমযোগে অৱগত কৰোৱাৰ কাৰণে এখন সংবাদমেলৰ অনুষ্ঠিত কৰে।

সংবাদমেলত তেওঁলোকে মুখ্যমন্ত্ৰী তথা অসম চুক্তি ৰূপায়ণত অসমৰ জাতীয় শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালৰ সদস্য-সদস্যাৰ কৰ্ম-সংস্থাপনৰ বিষয়ে বলিষ্ঠ পদক্ষেপ লবলৈ আহ্বান জনায়।

২০১৬ চনত মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা চৰকাৰৰ এশ দিনীয়া কৰ্মসূচীত ৩১৫ জন সদস্য-সদস্যাক কৰ্ম-সংস্থাপন তথা ৩ লাখ ভাট্টা দিয়াৰ কথা আছিল যদিও আজিলৈকে কাৰ্যকৰী হৈ নুঠিল, সেয়েহে মুখ্যমন্ত্ৰীয়ে চুক্তি ৰূপায়ণ কৰা বিভাগক নিৰ্দেশ দি বিভাগসমূহত আবদ্ধ হৈ থকা প্ৰাৰ্থীসকলৰ ফাইলসমূহ চালিজাৰি চাই শীঘ্ৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়।

আনহাতে অসম চৰকাৰে অসম আন্দোলনৰ গুলিবিদ্ধ পৰিয়ালক আৰ্থিক সাহাৰ্য্য হিচাপে ২ লাখ টকা যিদৰে প্ৰদান কৰিলে সেইদৰে বাকী পংগু আৰু নিৰ্যাতিত সকলকো আৰ্থিক সাহাৰ্য্য দিয়াৰ ব্যৱস্থা কৰিবলৈ সদৌ অসম শ্বহীদ-নিৰ্যাতিত পৰিয়াল পৰিষদে আহ্বান জনায়।