ডিগবৈ, সংবাদ ৩৬৫, ২৩ মাৰ্চ: ডিগবৈত শনিবাৰে অসম জাতীয়তাবাদী যুব-ছাত্র পৰিষদে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত গৰকাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে। মুখ্য মন্ত্ৰীৰ লগতে হিমন্ত বিশ্ব শৰ্মাই যি অসমৰ ৰাইজক দম্ভালি মাৰি যি ৩০ ঘণ্টাৰ ভিতৰত অসমৰ ঘাইপথ নিৰ্মাণৰ কথা কৈছিল তাৰ আজি পৰ্যন্ত কোনো ধৰণৰ কাম হৈ নুঠিল আৰু অাগন্তক নিবাচনত ইয়াৰ উচিৎ ফলাফল দিয়া হব বুলিও ক্ষোভ প্ৰকাশ কৰে অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলে।