প্ৰধান মন্ত্ৰীৰ নিয়োগ সৃষ্টি আচঁনিৰ অধীনত হিতাধিকাৰীলৈ বিভিন্ন বেংকৰ ৯৪.৮০ লাখ টকাৰ ঋণ মঞ্জুৰ

 গুৱাহাটী, ২৯ এপ্ৰিলঃ গুৱাহাটীৰ চানমাৰিস্থিত গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান(আৰছেটি)ত ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা ছয় দিনীয়া উদ্যোগিক বিকাশ প্ৰশিক্ষণৰ সামৰণি পৰে। ক্ষুদ্ৰ ব্যৱসায়ী তথা উদ্যোগৰ বিকাশৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰি কামৰূপ মহানগৰ জিলাৰ ২৩ গৰাকী যুৱক-যুৱতীক প্ৰধান মন্ত্ৰীৰ নিয়োগ সৃষ্টি আচঁনিৰ অধীনত স্বনিয়োজনৰ কাৰণে আগবঢ়োৱা এই প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থী সকলক পোছাক ৰূপাংকন, টেইলৰিং আৰু তৈয়াৰী পোছাক, কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং, বিউটি পাৰ্লাৰ পৰিচালনা, তীখাৰ সামগ্ৰী তৈয়াৰী, হোটেল পৰিচালনা, টেণ্ট হাউছ আদি ব্যৱসায়ৰ প্ৰশিক্ষণ দিয়া হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰিছিল অসম গ্ৰামীণ বিকাশ বেংকৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ জ্যেষ্ঠ পৰিচালক জগত চন্দ্ৰ মালী আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ সঞ্চালক দুৰ্লভ চন্দ্ৰ নাথে। সামৰণী অনুস্থানত অসম গ্ৰামীণ বিকাশ বেংক গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক প্ৰবন্ধক কমল ভৌমিক আৰু জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ প্ৰকল্প পৰিচালক এম দত্ত হাজৰিকা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰে। বিশিষ্ট অতিথিসকলে ক্ষুদ্ৰ উদ্যোগ আৰু ব্যৱসায়ৰ বাবে আগবাঢ়ি অহা উদ্যোগী সকলক নিষ্ঠা আৰু একাগ্ৰতাৰে কৰ্মত নিয়োজিত হৈ প্ৰতি লাখ টকাৰ বিনিয়োগৰ বিপৰীতে অতি কমেও এটি নিয়োগ সৃষ্টি কৰিবলৈ আহ্বান জনায়। অসম গ্ৰামীণ বিকাশ বেংকৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক দুৰ্লভ চন্দ্ৰ নাথে ২-১৭-১৮ বৰ্ষৰ এই তৃতীয় প্ৰশিক্ষাৰ্থী দলটোক স্ব-নিয়োজন তথা নিয়োগ সৃষ্টিৰ বাবে অসম গ্ৰামীণ বিকাশ বেংক, ভাৰতীয় ষ্টেট বেংক, চেন্ত্ৰেল বেংক, বিজয়া বেংক, ইউকো বেংক, ইউনাইটেড বেংক, ডেনা বেংক, বৰোদা বেংক আৰু ইণ্ডিয়ান বেংক আদিৰ গুৱাহাটীস্থিত বিভিন্ন শাখাৰ সহযোগত ৯৪.৮০ লাখ টকাৰ ঋণ মঞ্জুৰ কৰাৰ কথা জানিবলৈ দিয়ে।